এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভীষ্মৰ শৰ-শয্যা
প্রথম অঙ্ক
প্রথম দৃশ়্য
ৰাজসভা
[দুৰ্য্যোধন, অশ্বত্থামা, ভীষ্ম, আৰু ৰজাসকল ]
দুৰ্য্যোধন— | সেনাপতি ! সকলো শুনিছাই নহয়, কাইলৈ পুৱাতে |
যুদ্ধ আৰম্ভ হব লাগে। | |
দূত- | মহাৰাজ ! ৰাজদুৱাৰত শ্ৰীকৃষ্ণ আৰু অৰ্জ্জুন ৰৈ আছে, |
ৰাজসভালৈ আহিবলৈ অনুমতি বিচাৰিছে। | |
দুর্য্যোধন– | যা দূত, বেগেতে মাতি আন। (দূতৰ প্ৰস্থান ) |
বোধকৰোঁ যুদ্ধ কৰিবলৈ ভয় কৰি সন্ধিৰ প্ৰস্তাৱ লৈ | |
আহিছে। বাৰু দেখা যাওক। ( শ্রীকৃষ্ণ আৰু অৰ্জ্জুনৰ | |
প্ৰবেশ, সকলোৱে উঠি সম্বৰ্দ্ধনা জনায় আৰু বহিবলৈ আসন | |
আগবঢ়ায়। ) তোমালোক দুজন অসময়ত ইয়৷লৈ কিয় | |
আহিলা। মই জানিবৰ বাবে বৰ ব্যস্ত হৈছোঁ। পাণ্ডৱক | |
ৰাজ্যৰ ভাগ নিদিওঁ বুলি যুদ্ধ কৰিবলৈ স্থিৰ কৰিছোঁ। | |
যুধিষ্ঠিৰে কি কৈছে? |