পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
[ চতুর্থ অঙ্ক
ভীষ্মৰ শৰ-শয্য।
তেনেকৈয়ে ভাল পাওঁ। অন্য লোক কোন আছে
অলপ আঁতৰি যাওক। ( অলপ ৰৈ ) কৰ্ণ ! তুমি ৰাধাৰ
পুত্ৰ নোহোৱা, কুন্তীৰ পুত্ৰহে ।
কর্ণ— পিতামহ! আপুনি শৰ-শয্যাত পৰি এনেকুৱ৷ সন্দেহ-
জনক কথা কৈ মোৰ মস্তিস্ক বিকৃতি নকৰাব। মই দুৰ্য্যো-
ধনক সহায় কৰিবলৈ প্ৰতিজ্ঞাপাশত আৱদ্ধ আছোঁ।
মোক ৰক্ষা কৰক পিতামহ !
ভীষ্ম— কৰ্ণ ! তোমাৰ সমান বীৰ নাই, তোমাৰ সমান দাতা
নাই । পিচে নীচৰ সঙ্গত পৰি তোমাৰ প্ৰভাৱ হ্ৰাস হৈছে ।
তুমি দুৰ্য্যোধনৰ সঙ্গ এৰিব নোৱাৰ৷ সেইটো জানো।
কেনেবাকৈ ভাল মতি হয় বুলিহে মাজে মাজে কটুকথা
কওঁ । শুনা কৰ্ণ, কৃষ্ণ-ধনঞ্জয়ৰ নিচিনাকৈ তোমাকে৷
অন্তৰৰে সৈতে ভাল পাওঁ আৰু শ্ৰদ্ধা কৰো ৷
কৰ্ণ – আপোনাৰ এই কথাই মোৰ বুকু শেলে বিন্ধাদি বিন্ধিছে ।
আপোনাৰ কটুবাক্যত দুঃখিত হৈ মই মূৰ্খৰ নিচিনাকৈ
অস্ত্ৰ ত্যাগ কৰিলে৷ । যিমান দিন জীয়াই থাকেঁ৷ সেই কথা
সি:মান দিন মোৰ মনত থাকিব যে ময়ে আপোনাৰ বধৰ
কাৰণ হলো। নহলে ভোগৱতীৰ পানী আনি অৰ্জ্জুনে
আপোনাৰ তৰ্পণ কৰিব নেলাগিলহেতেন।
ভীষ্ম – যোৱা বোপা, কোনোমতেই অৰ্জ্জুনৰ লগত যুদ্ধ কৰি-
বলৈ পৰাঙ্মুখ নহব৷ ৷ অহঙ্কাৰ পৰিত্যাগ কৰি
বীৰত্ব অৱলম্বন কৰি যুদ্ধ কৰা—তোমাৰ মঙ্গল হওক।

( কৰ্ণৰ প্ৰস্থান )