এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য ]
৩৭
ভীষ্মৰ শৰ-শয্য।
অর্জ্জুন— | এই বিশ্বত পিতামহৰ সমান বীৰ নাই বুলি |
জানিও প্রতিজ্ঞা কৰিছিলো । তাৰ কাৰণ তুমিহে, | |
যদি কিবা পণ কৰাইছিল৷ তাৰবাবে তুমিহে অপৰাধী। | |
কৃষ্ণ— | আৰু সহিব নোৱাৰোঁ গোটেই শৰীৰ ক্ষত-বিক্ষত হৈ |
গৈছে । চক্র ! সাজু হোৱা, ৰবা ভীষ্মক ময়ে বধ কৰোঁ। | |
অর্জ্জুন— | কি কৰা! কি কৰা সখি ! প্রতিজ্ঞা ভঙ্গ হ’ল । |
কৃষ্ণ — | হওক প্রতিজ্ঞা ভঙ্গ। প্রথমে ভীষ্মক নিধন কৰি |
এই সূদৰ্শন চক্ৰেৰে কৌৰৱসকলক মাৰি নিষ্কণ্টক কৰিম।
( ভীষ্মৰ প্ৰতি চক্ৰ লৈ আগ বাঢ়ে ) | |
ভীষ্ম- | ( ধনু-শৰ পেলাই হাতযোৰ কৰি ) সাৰ্থক জীৱন ! |
দেৱ দেৱ কমল নয়ন, মাৰা সুদৰ্শন বধ৷ মোক, মোৰ | |
নৰদেহ আজি ধন্য। | |
প্রভু, ধর্ম্মক্ষেত্রত চৰণ দি পৃথিবীৰ সন্মান ৰাখিলা । | |
অর্জ্জুন— | ক্ষান্ত হোৱা সখি ! চক্র সম্বৰণ কৰা। মই প্ৰতিজ্ঞা |
কৰিছোঁ আজি ভীষ্ম পিতামহক বধ কৰিম।
( শিখণ্ডীৰ প্ৰৱেশ ) | |
শিখণ্ডী— | অপুনি কিয়, মই বধিম ৷ |
ভীষ্ম— | মোৰ জীৱনৰ সকলো কাম শেষ হল ! মই আৰু অস্ত্ৰ |
নধৰোঁ—এই ত্যাগ কৰিলো । মোক জয় কৰিবলৈ | |
ক্লীবৰ আশ্ৰয় লৈছা! এই জীৱনত ৰণক্ষেত্ৰত এয়ে প্রথম | |
পিঠি দিলো। সৌৱা আইয়ে মোৰ মৃত্যু জানি চকু- | |
পানী টুকিছে। |