দুর্য্যো--অথলে নেযায়, তেওঁৰ প্ৰতিজ্ঞা ৰক্ষাত সহায় কৰিব
লাগিব। যাতে শিখণ্ডী পিতামহৰ সন্মুখলৈ যাব নোৱাৰে
তাৰ বাবে সাৱধান হৈ থাকিব লাগিব।
দুঃশা—এই তুচ্ছ কাম কৰিব নোৱাৰিলে জীৱন ধৰাই মিছা।
শকু –মহাৰাজ ! ধনঞ্জয় দেখোন শিৱিৰৰ ফাললৈ আহিছে ?
কৰ্ণ—ওঁতো, এই ৰাতিখন অহাৰ কাৰণ কি? বৰ আচৰিত
কথা ! আমি ইয়াত থকাটো উচিত নহব, আঁতৰি যাওঁ।
[ কৰ্ণ আৰু শকুনিৰ প্ৰস্থান ]
দুৰ্য্যো—( দুঃশাসনৰ প্ৰতি ) যোৱ৷ অৰ্জ্জুনক সন্মানেৰে আগ-
বঢ়াই আনা ৷ সন্মানৰ লাঘব যাতে নহয়, তালৈ চাবা।
[ দুঃশাসনৰ প্ৰস্থান ]
( স্বগতঃ ) অৰ্জ্জুন মোৰ ওচৰলৈ অহাৰ কাৰণ কি ? চকুৰে
দেখিও পতিয়াব নোৱাৰি কি কথা?
[ অৰ্জ্জুনৰ প্ৰবেশ ]
ধনঞ্জয় ! আহাঁ, ভাল নে ? যুধিষ্ঠিৰৰ ভাল নে নকুল
সহদেবৰ ভাল নে? বহা, পিচে কিয় আহিলানো?
অৰ্জ্জুন—মই আপোনাৰ ওচৰলৈকে আহিছোঁ। গন্ধৰ্ব্ব যুদ্ধত
যে আপুনি মোক এটা বৰ দিব খুজিছিল, মই তেতিয়া
আপোনাৰ আগ্রহ দেখি কৈছিলোঁ, যেতিয়া আৱশ্যক
হব তেতিয়া লম। মনত আছেনে?
দুৰ্যো৷—সেইটো পাহৰিব লগা কথানে ?
অৰ্জ্জুন– মই এতিয়া সেই বৰ বিচাৰি আহিছোঁ।