যুধি— ভীষ্ম বধ নহলে আমাৰ কি গতি হব কৃষ্ণ?
কৃষ্ণ – মহাৰাজ !নিশ্চিন্ত হওক: ভীষ্ম বধৰ উপায় স্থিৰ
কৰিছোঁ। শিখণ্ডী! শিবিৰলৈ যাৱা বিশ্রাম কৰাগৈ ।
কাইলৈ তুমি সেনাপতি, সাত্যকি তোমাৰ ৰথৰ সাৰথি হব।
শিখণ্ডী—যিবা আজ্ঞা, বাসুদেৱ !
( প্রস্থান )
অৰ্জ্জুন—কি কোৱা সখি ? পাণ্ডৱৰ ইমানবিলাক ৰথী থাকোঁতে
এই যুদ্ধ কৌশল নজনা লৰাটোক সেনাপতি পাতিছে নে ?
কৃষ্ণ – আক্ষেপ কৰা কিয় ? কাইলৈ সকলে৷ ৰখীকে সেনাপতি
হবলৈ আহ্বান কৰা হৈছে। যিজন সেনাপতি হব তেওঁ
প্রতিজ্ঞা কৰিব লাগিব যে কাইলৈ সূৰ্য্য অস্ত যোৱাৰ
আগতে ভীষ্মক পৰাস্ত কৰিব লাগিব।
যুধি—কেশব, তোমাৰ ইচ্ছাই হওক, কাইলৈ মহাবীৰ শিখণ্ডী
সেনাপতি।
অর্জুন—বাৰে বাৰে আচৰিত কথা শুনাইছা কিয় সখি?
কৃষ্ণ— আচৰিত নহবা, কাইলৈ যুদ্ধক্ষেত্ৰত গম পাবা।
অর্জুন— সখি, পাণ্ডবৰ জয়-পৰাজয় তোমাৰ হাতত ৷ তোমাৰ
বিহনে পাণ্ডব এখন্তকে৷ জীয়াই থাকিব নোৱাৰে ৷ তুমি
যেতিয়া নিজেই যুদ্ধৰ ব্যৱস্থা কৰিছা, তেন্তে মোক নিষ্কৃতি দিয়া।
কৃষ্ণ—খং কৰা কিয় ? বাৰু শুনা, পিতামহে তেওঁৰ বধৰ
উপায় সোধাত কি কৈছিল শুনিছিলা নহয়। যেতিয়ালৈকে
তেওঁৰ হাতত অস্ত্ৰ থাকিব তেতিয়ালৈকে কোনেও তেওঁক