পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 ১৯২৬ চনৰ চিলং হাইস্কুলত পঢ়া অসমীয়া ছাত্ৰসকলে এখন অভিনয় কৰিবৰ বাবে স্কুলৰ হেড মাষ্টৰৰপৰা অনুমতি বিচাৰে । হেড মাষ্টৰে অনুমতি দিলে হয় কিন্তু হুকুম দিলে যে কোনো ছাত্ৰয়ে তিৰোতাৰ ভাও লব নোৱাৰিব । শ্রীমান ভবানীকান্ত বৰুৱা প্ৰমুখ্যে কেইবা জনে৷ ছাত্ৰই মোক তেনে ধৰণৰ এখন নাটক বাচি দিবলৈ কোৱাত বিমোৰত পৰিহে এই নাটকখনি লিখিবলৈ লৈছিলে।। কবলৈ গলে নাটক লিখা এয়ে মোৰ প্ৰথম চেষ্টা। চিলঙৰ ‘অসম ক্লাবত’ সকলো অসমীয়া ছাত্রই মিলি এই নাটকখনি প্রথম অভিনয় কৰিবলৈ লয়। অভিনয় কৰি ছাত্ৰসকলে দৰ্শকসকলৰ মনত সন্তোষ দিব পাৰিছিল ৷ নাটক খনৰ এটা নকল হাতে-লিখা অৱস্থাতে বহুত দিন পৰি আছিল । শ্রীমান ধ্যানদাচৰণ শৰ্ম্মা বোপাই নাটকখন দেখি সৰু সৰু লৰাবিলাকৰ বাবে উপযোগী হব বুলি ছাপা কৰাবৰ নিমিত্তে মোক বৰকৈ কৈ তেওঁ নিজেই পুথিখন ছাপা কৰিবৰ বাবে নকল কৰি দিয়ে আৰু শ্ৰীমান গৌৰীচৰণ বৰকটকী বোপাই কিতাপখন ছাপা কৰিবলৈ ভাৰ লোৱাত ৰাইজৰ আগলৈ উলিয়াই দিবলৈ সুবিধা হয়। সেইবাবে সকলোটিলৈকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ।

প্রথম চেষ্টাত ভুল-ভ্রান্তি অনেক হব পাৰে। আশাকৰে৷ গুণগ্রাহী পাঠক সকলে এই দোষ ক্ষম। কৰিব। ইতি—

চিলং

22|১২|৪৭

শ্রীমথুৰানাথ বৰুৱা ।