পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অঙ্ক।

প্রথম দৃশ্য

শকুনি—কি হ’ল ! যুদ্ধৰ আৰম্ভণতে জয় দিওঁতেই দেখোন শিয়ালে
 হোৱা দিছে !
কর্ণ—নিদিব কিয় ? মহাৰাজে বাছি বাছি এটা বুঢ়াক
 সেনাপতি পাতিছে তাত আৰু শিয়ালৰ আনন্দ নহৈ
 কাৰ হব ?
শকুনি—সেয়ে হে, কি হ’ল জানো, বুকুখন ধপ ধপাবলৈ ধৰিছে
 দেখোন।
দুঃশাসন—মোমাই, অকল সেয়ে নহয়, মঙ্গল বেহুও আমাৰ
সৈন্যৰ মাজত সজাইছে, কেউপিনে দেখোন মঙ্গলৰ চিন
 হৈছে । তেনেস্থলত তেজ বৰষিছে কিয়?
শকুনি— অঙ্গৰাজ, এইবোৰনো কি হৈছে ? পপীয়া তৰাবোৰো
 খহিছে দেখোন !
কৰ্ণ—মোমাই, এইবাৰ আগেয়ে। অনুমানতে জন৷ হৈছে।
 অর্জ্জুনৰ লগত যুজ কৰিবৰ পিতামহ বা দ্ৰোণৰ শক্তি
 নাই। যদি কোনোবাই অৰ্জ্জুনক বধ কৰিব পাৰে মই হে ৷
 মহর্ষি যমদগ্নিৰ ওচৰত যেতিয়া অস্ত্র শিক্ষা শেষ কৰো
 তেতিয়া তেওঁ কৈছিল – কৰ্ণ, তুমি মোৰ সমান যোদ্ধা হল৷ ৷
 গতিকে শুন৷ মোমাই, মোৰ সমান আৰু দ্বিতীয় বীৰ কোনো
 ওপজা নাই ।