পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম অধ্যায়। গুপ্ত সাম্রাজ্য। খৃষ্টীয় চতুৰ্থ শতাব্দীৰ প্ৰথম ভাগত মগধত গুপ্ত নামে এটা বংশ পৰাক্ৰমী হৈ উঠে। গুপ্ত বংশৰ আদি ৰজাৰ নাম মহাৰাজ গুপ্ত৷ তেওঁৰ পুতেক আছিল মহাৰাজ ঘটোৎকচ। ঘটোৎকচৰ পুতেক চন্দ্রগুপ্তৰ দিনতে এই বংশৰ গৌৰৱ বাঢ়ে। সেই কাৰণে চন্দ্ৰগুপ্তকে গুপ্তবংশৰ আচল প্রতিষ্ঠাতা বুলিব পাৰি ৷ প্রথম চন্দ্ৰগুপ্ত (৩২০ – ৩৩০ খৃঃ লৈ) ঃ– চন্দ্ৰগুপ্তৰ সময়ৰ পৰা গুপ্ত সাম্ৰাজ্যৰ বিস্তাৰ আৰম্ভ হয় ৷ পাটলিপুত্ৰ চন্দ্রগুপ্তৰ ৰাজধানী আছিল। চন্দ্ৰগুপ্তই মগধৰ পৰা অযোধ্যা পৰ্য্যন্ত তেওঁৰ ৰাজ্যৰ সীমা বঢ়ায়। সমুদ্রগুপ্ত। ( খৃঃ ৩৩০—৩৭৫ খৃঃ লৈ ) ৩৩০ খৃত প্রথম চন্দ্রগুপ্তৰ পুতেক সমুদ্রগুপ্ত ৰাজপাটত উঠে। সেই সময়ৰ ৰজা- সকলৰ তেৱেঁই সৰ্বৰ্বশ্ৰেষ্ঠ। গোটেই উত্তৰ ভাৰতৰ একছত্ৰী হোৱাৰ পিছতে তেওঁ দক্ষিণ ভাৰত জয় কৰে। দক্ষিণৰ জয় কৰা [31 সমুদ্রগুপ্ত STR