পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ষষ্ঠ অধ্যায়।

মগধ সাম্ৰাজ্যৰ অভ্যুদয় আৰু বিদেশী আক্ৰমণ।

 বৈদিক যুগৰ ৰাজনৈতিক বুৰঞ্জী সম্বন্ধে বৰ বেছি একো জনা নাযায়। খৃঃ পূৰ্ব্ব ষষ্ঠ শতাব্দীত, অৰ্থাৎ মহাবীৰ আৰু বুদ্ধদেৱৰ সময়ৰ পৰা ভাৰতৰ ৰাজনৈতিক বুৰঞ্জীৰ কিছু স্পষ্ট আভাস পোৱা যায়। এই যুগত ভাৰতবৰ্ষত ষোলখন মহাজনপদ বা ডাঙৰ ৰাষ্ট্ৰ আছিল। ৰাজ্য সমূহৰ মাজত নিজ প্ৰতিপত্তিৰ বাবে প্ৰায়ে যুঁজ-বাগৰ চলিছিল। ৰাজ্যবিলাকৰ ভিতৰত কোশল, বৎস, অৱন্তী আৰু মগধেই সৰ্ববপ্ৰধান আছিল। কিন্তু সকলোকে চেৰ পেলাই মগধ ৰাজ্যই প্ৰাধান্য লাভ কৰে।

 খৃঃ পূঃ ছয় শতিকাৰ সময়ত হৰ্য্যঙ্ক নামৰ এটা ৰাজবংশই মগধত ৰাজত্ব কৰে৷ এই বংশৰ ৰজাৰ ভিতৰত বিম্বিসাৰ আৰু অজাতশত্ৰুৱেই প্ৰধান।

 বিম্বিসাৰ :—বিম্বিসাৰ খৃঃ পূঃ ষষ্ঠ শতাব্দীৰ মাজ ভাগত মগধৰ ৰাজপাটত উঠে। তেওঁ অঙ্গ (বৰ্ত্তমান মুঙ্গেৰ আৰু ভাগলপুৰ জিল৷ ) জয় কৰি মগধৰ ৰাজশক্তি বৃদ্ধি কৰে। তেওঁৰ পুতেক অজাতশত্ৰুৱে বাপেহক হত্যা কৰি সিংহাসনত উঠে।

 অজাতশত্ৰু:—অজাতশত্ৰু ৰাজপাটত উঠাৰ পিছতেই কোশল ৰাজকোৱঁৰ প্ৰসেনজিতে তেওঁৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ শেহত তেৱেঁই সন্ধি কৰি জীয়েকক অজাতশত্ৰুলৈ বিয়া দি কাশীৰাজ্য যৌতুকত দিয়ে। এই বিশাল ৰাজ্য সুচাৰুৰূপে চলাবলৈ বুলি তেওঁৰ পুতেক উদয়ীয়ে কুসুমপুৰ বা পাটলিপুত্ৰত ( বৰ্ত্তমান পাটনাত ) ৰাজধানী পাতে।