পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইংৰাজ ৰাজত্বৰ সুপ্ৰতিষ্ঠা ঝিন্দন আৰু তেওঁৰ প্ৰধান সেনাপতি তেজ সিংহ আৰু মন্ত্রী লালসিংহই ৰাজ্য চলাইছিল। সেই সময়ত ৰণজিতে গঠন কৰা ‘খাল্‌চ৷’ সৈন্যদল প্রতাপী হৈ উঠিছিল। প্রকৃতপক্ষে এই খালচা সৈন্যদলে ৰাজ্য চলাইছিল ৷ ৰাণী ঝিন্দন আৰু তেওঁৰ মন্ত্রিসভাৰ পক্ষে এই সৈন্যদলক সংযত কৰি ৰখা টান হৈ পৰিল । এই সময়তে পঞ্জাৱ সীমান্তত ইংৰাজে সামৰিক আয়োজন কৰা গম পাই শিখ সৈন্যদলৰ মনত ইংৰাজে পঞ্জাৱ অধিকাৰ কৰিবৰ কাৰণে প্ৰস্তুত হৈছে বুলি সন্দেহ হল। ফলত ১৮৪৫ খৃঃত শিখে যুদ্ধ আৰম্ভ কৰিলে৷ মুদকী, ফিৰোজ চাহ, আলিৱাল আৰু চৰাওন নামৰ চাৰিখন ঠাইত ইংৰাজে জয়লাভ কৰিলে । বৃটিচে জয়ী হৈ লাহোৰ পালেগৈ আৰু তাতে ১৮৪৬ খৃঃত সন্ধি কৰিলে৷ এই সন্ধিৰ সূত্রানুযায়ী শতভ্ৰু আৰু বিপাশা নৈৰ মাজৰ জলন্ধৰ দোৱাব ইংৰাজে পালে৷ যুদ্ধৰ ক্ষতিপূৰণ স্বৰূপে শিখে ডেৰ কোটি টকা ইংৰাজক দিব লগাত পৰিল । দিলীপসিংহ বৃটিচৰ তলতীয়া ৰজা হল ৷ লর্ড ডেলহাউর্চি (১৮৪৮–১৮৫৬ ) ঃ—লর্ড হার্ডিঞ্জৰ পিছত লৰ্ড ভেলহাইচি গৱৰ্ণৰ জেনেৰেল হয় (১৮৪৮ খৃঃ)। লর্ড ওৱেলেচলি আৰু লৰ্ড হেষ্টিংচৰ হেষ্টিংচৰ দৰে এওঁ কেইবাখনো দেশীয়ৰাজ্য বৃটিচ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল । শিখৰ দ্বিতীয় যুদ্ধঃ — শিখৰ প্ৰথম যুদ্ধৰ ফলত পঞ্জাৱ কোম্পানিৰ আশ্ৰিতৰাজ্যত পৰিণত হৈছিল । পৰাধীন হৈ থাকিব লগাত শিখ বিলাকৰ অন্তৰত জুই জ্বলি আছিল। প্ৰথমতে মুলতানৰ শাসনকৰ্ত্ত৷ মূলৰাজে বিদ্রোহ কৰে ৷ অলপ dagoon