পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী বঙ্গদেশত কোম্পানির ক্ষমতা লাভ। ১৭৪০ খৃঃত আলিবদ্দি খাঁ বঙ্গদেশৰ চুবাদাৰ আছিল। সেই সময়ত মাৰাঠ৷ “বর্গী” বিলাকে বঙ্গদেশ আক্রমণ কৰি ধন- সম্পত্তি লুটি নিছিল। আলিবদ্দি খাঁই বহুত বছৰ যুজিও বৰ্গী- বিলাকক খেদাব নোৱাৰিলে। শেষত উপায় নাপাই বর্গী- বিলাকক উৰিষ্যা দেশ এৰি দিলে আৰু বছৰি বাৰ লাখ টকা চৌথ দিবলৈ গাত ললে। বর্গীবিলাকে শেষত বঙ্গদেশ এৰি গুচি গল । ১২৬ চিৰাজউদ্দৌলা :—বঙ্গদেশৰ নৱাব আলিবদ্দি খাঁৰ মৃত্যুৰ পিছত ১৭৫৬ খৃঃত তেওঁৰ নুমলীয়া জীয়েকৰ পুতেক চিৰাজউদ্দৌলা ২৪ বছৰ বয়সত বঙ্গৰ নৱাব হয়। তেওঁ বৰ বুদ্ধিমান আছিল। নৱাব হোৱাৰ অলপ কালৰ ভিতৰতে তেওঁৰ লগত ইংৰাজৰ বিবাদ আৰম্ভ হয়। কৰ্ণাটৰ যুদ্ধত সাফল্য লাভ কৰি ইংৰাজ বিলাক শক্তিশালী হৈ উঠিছিল। সেই সময়ত ইংৰাজবিলাকৰ কলিকতাত আৰু ফৰাচীৰ চন্দননগৰত কুঠি আছিল । আলিবদ্দি খাঁৰ মৃত্যুৰ পিছত ইংৰাজে কলিকতাত আৰু ফৰাচীবিলাকে চন্দননগৰত দুৰ্গ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰে। চিৰাজে দুয়ে৷ পক্ষকে দুৰ্গ নিৰ্ম্মাণ স্থগিত ৰাখিবলৈ আদেশ দিয়ে। ইংৰাজবিলাকে এই আদেশ অমান্য কৰিলে; তাৰোপৰি ইংৰাজবিলাকে বেহা-বেপাৰৰ যি বিলাক সুবিধা পাইছিল তাৰো অপব্যৱহাৰ কৰাত নৱাবৰ ৰাজস্বৰ ক্ষতি হল। নৱাবৰ কৰ্ম্মচাৰী ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসে নৱাবৰ ওচৰত জগৰ লগাই ইংৰাজৰ