পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী নানা ভাষাৰ প্ৰচলন আছে। সেই গতিকে পণ্ডিত সকলে ভাৰতবৰ্ষক দেশৰ লগত নধৰি মহাদেশৰ শাৰীত হে পেলাব খোঁজে। ভাৰতবৰ্ষৰ সীমা প্ৰাকৃতিক। হিমালয় আৰু হিমালয়ৰ ঠাল- ঠেঙুলি বিলাকে ভাৰতবৰ্ষৰ উত্তৰ, উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম সীমা আগুৰি আছে। দক্ষিণ, দক্ষিণ-পূব আৰু দক্ষিণ-পশ্চিম ক্রমান্বয়ে ভাৰত মহাসাগৰ, বঙ্গোপসাগৰ আৰু আৰবসাগৰে ঘেৰি আছে৷ ভাৰতবৰ্ষৰ সোঁমাজত বিন্ধ্যপর্ববত অৱস্থিত। বিন্ধ্য পর্ববতৰ উত্তৰ ভাগ প্রাচীনকালৰে পৰা ‘উত্তৰা পথ’ বা ‘আৰ্য্যাৱৰ্ত্ত’ নামে জনাজাত। বিন্ধ্যৰ দক্ষিণাংশৰ নাম ‘দক্ষিণা পথ’ বা ‘দাক্ষিণাত্য’ । কৃষ্ণা নদীৰ দক্ষিণৰ মালভূমি অঞ্চলক ‘সুদূৰ দক্ষিণ’ বুলিও কোৱা হয়৷