পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ৭৩ যষ্ঠ ভাগ-বাজ্য সমূহ-অনুচ্ছেদ ২১৭ পৰন্তু, -- (ক) কোনো ন্যায়াধীশে ৰাষ্ট্ৰপতিক সম্বোধিত স্বাক্ষৰিত লিখনৰ দ্বাৰা নিজৰ পদ ত্যাগ কৰিব পাৰে; (খ) উচ্চতম ন্যায়ালয়ৰন্যায়াধীশক পদৰ পৰা অপসাৰিত কৰিবৰ কাৰণে এই সংবিধানৰ অনুচ্ছেদ ১২৪ ৰ খণ্ড (৪) উপবন্ধিত ৰীতিৰে ৰাষ্ট্ৰপতিৰ দ্বাৰা কোনো ন্যায়াধীশক নিজৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব; (গ) কোনো ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে উচ্চতমন্যায়ালয়ৰন্যায়াধীশ নিযুক্ত কৰিলে অথবা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত আন কোনো উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিলে সেই ন্যায়াধীশৰ পদ ৰিক্ত হব। (২) কোনো ব্যক্তি কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্ত হবলৈ যোগ্য নহব, যদিহে। তেওঁ ভাৰতৰ নাগৰিক নহয়, আৰু (ক) ভাৰতৰ ৰাজ্যক্ষেত্ৰত অন্ততঃ দহ বছৰ ন্যায়িক পদ ধাৰণ নকৰে, অথবা 1 কোনো উচ্চ ন্যায়ালয়ত অথবা তেনেকুৱা দুই বা ততোধিক ন্যায়ালয়ত একেলেথাৰিয়ে। অন্ততঃ দই বছৰ কাল অধিবক্তা নহয়। ** * *২ ২ [ [ 1 স্পষ্টীকৰণ — এই খণ্ডৰ প্ৰয়োজনাৰ্থে [ (ক) কোনো ব্যক্তিয়ে ভাৰতৰ ৰাজ্যক্ষেত্ৰত ন্যায়িক পদ ধাৰণ কৰি থকা কালাৱধিৰ সংগণনা কৰোতে, তেনে ন্যায়িক পদ ধাৰণ কৰাৰ পিচত যি কালাবধিৰ বাবে তেওঁ কোনো উচ্চ ন্যায়ালয়ৰ অধিবক্তা হৈ থাকে বা কোনো ন্যায়াধিকৰণৰ সদস্যৰ পদ ধাৰণ কৰে অথবা সংঘ,বাৰাজ্যৰ অধীনত বিধিৰ বিশেষ জ্ঞানৰ প্ৰয়োজন হোৱা কোনো পদ ধাৰণ কৰে সেই কালাৱধিও তাৰ অন্তৰ্গত হব।] [ কক ] কোনো ব্যক্তি উচ্চ ন্যায়ালয়ৰ অধিবক্তা হৈ থকা কালাৱধিৰ সংগণনা কৰোতে, অধিবক্তাহোৱাৰ পিচত যি কালাৱধিৰ বাবে তেওঁ [ন্যায়িক পদ ধাৰণকৰে বা কোনোন্যায়াধিকৰণৰ সদস্যৰ পদ ধাৰণ কৰে অথবা সংঘ বা ৰাজ্যৰ অধীনত বিধিৰ বিশেষ জ্ঞানৰ প্ৰয়োজন হোৱা কোনো পদ ধাৰণ কৰে ] সেই কালাৱধিও তাৰ অন্তৰ্গত হ'ব; ১।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা ‘প্ৰথম অনুসূচীত নিৰ্দিষ্ট কোনো ৰাজ্যৰ’-শব্দসমূহ লোপ কৰা হৈছে। ২।“অথবা” শব্দটো আৰু খন্ড (গ) সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৩৬ৰ দ্বাৰা (৩-১-৭৭ তাংৰ পৰা) অন্তঃস্থাপিত কৰা হৈছিল; কিন্তু সংবিধান (চতু:চত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ২৮ ৰ দ্বাৰা লোপ কৰা হৈছে (২০-৬-৭৯ তাংৰ পৰা)। ৩। সংবিধান (চতু:চত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ২৮ ৰ দ্বাৰা অন্তঃস্থাপিত (২০-৬-৭৯ তাংৰ পৰা)। ৪। সংবিধান (চতু: চত্বৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ২৮ ৰ দ্বাৰা খন্ড (ক) খন্ড (কক) বুলি ক্ৰমাঙ্কিত কৰা হৈছে (২০-৬-৭৯ তাংৰ পৰা)। ৫।সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ৩৬ৰ দ্বাৰা প্ৰতিষ্ঠাপিত ১-৭৭ তাংৰ পৰা)।