পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ ভাগ। [ ] ৰাজ্যসমূহ প্ৰথম অধ্যায় - সাধাৰণ পৰিভাষা। ১৫২৷ প্ৰসংগক্ৰমে অন্য অৰ্থ অপেক্ষিত নহলে এই ভাগত ৰাজ্য বুলিলে ২জমু আৰু কাশ্মীৰ ৰাজ্যক অন্তৰ্গত নকৰে। দ্বিতীয় অধ্যায় -কাৰ্যপালিকা ৰাজ্যপাল ১৫ত৷ প্ৰতিখন ৰাজ্যৰ কাৰণে একোজন ৰাজ্যপাল থাকিব। ৰাজ্যসমূহৰ, ৰাজ্যপালসমূহ।

  • পৰস্তু, এই অনুচ্ছেদৰ কোনো কথাই একেজন ব্যক্তিকে দুই বা ততোধিক ৰাজ্যৰ

বাবে ৰাজ্যপাল নিযুক্ত কৰাত বাধা নিদিয়ে। ১৫৪ (১) ৰাজ্যৰ কাৰ্যপালিকা, ক্ষমতা ৰাজ্যপালৰ ওপৰত ন্যস্ত হব আৰ এই সংবিধান, ৰাজ্যৰ অনুসৰি তেওঁৰ দ্বাৰা পোনপটীয়াকৈ নাইবা তেওঁৰ অধীনস্থ পদাধিকাৰী সকলৰ জৰিয়তে এই কাৰ্যপালিকা ক্ষমতা প্ৰয়োগ হব। ক্ষমতা। (২) এই অনুচ্ছেদত থকা কোনো কথাই — (ক) কোনো বৰ্তমান বিধিৰ দ্বাৰা অন্য কোনো প্ৰাধিকাৰীক দিয়া কৃত্য ৰাজ্যপাললৈ হস্তান্তৰ কৰা বুলি গণ্য কৰা নহব; অথবা (খ) ৰাজ্যপালৰ অধীনস্থ কোনো প্ৰাধিকাৰীৰ ওপৰত বিধিৰ দ্বাৰা কৃত্য অৰ্পণ কৰাৰ পৰা সংসদক নাইবা ৰাজ্যৰ বিধান মণ্ডলক নিবাৰণ কৰিব নোৱাৰিব। ১৫৫ কোনো ৰাজ্যৰ ৰাজ্যপাল ৰাষ্ট্ৰপতিৰ দ্বাৰা তেওঁৰ স্বাক্ষৰ আৰু মোহৰযুক্ত ৰাজ্যপালৰ অধিপত্ৰৰে নিযুক্ত হব। নিযুক্তি। ১৫৬১) ৰাষ্ট্ৰপতিৰ প্ৰসাদ পৰ্যন্ত ৰাজ্যপালে পদ ধাৰণ কৰিব। ৰাজ্যপালৰ পদাবধি। (২) ৰাজ্যপালে স্বাক্ষৰিত লিখনৰ দ্বাৰা ৰাষ্ট্ৰপতিক সম্বোধন কৰি তেওঁৰ পদ ত্যাগ কৰিব পাৰে। (৩) এই অনুচেছদৰ পূৰ্বৰ উপবন্ধাবলীৰ সাপেক্ষে পদ গ্ৰহণ কৰা তাৰিখৰ পৰা ৰাজ্যপালে পাচ বছৰ কাল পদ ধাৰণ কৰিব? পৰস্তু, নিজ পদৰ কাল অন্ত হোৱা সত্ত্বেও তেওঁৰ উত্তৰাধিকাৰীয়ে পদ গ্ৰহণ নকৰা পৰ্যন্ত ৰাজ্যপালে পদ ধাৰণ কৰি থাকিব। ১৷ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসুচীৰ দ্বাৰা “প্ৰথম অনুসূচীৰ ক শাখা ভুক্ত” কথাখিনি সোপ কৰা হৈছে। ২ উক্ত অধিনিয়মৰ উক্ত ধাৰা আৰু অনুসূচীৰ দ্বাৰা “প্ৰথম অনুসূচীৰ ক ভাগত নিপিত কৰা ৰাজ্য বুজাব” কথাখিনিৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত কৰা হৈছে। ৩। উক্ত অধিনিয়মৰ ৬ ধাৰাৰ দ্বাৰা সংযোজিত।