পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰসংবিধান পঞ্চম ভাগ-সংঘ অনুচ্ছেদ ১৪৮-১৫১ (৪) নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকজন তেওঁৰ পদতনথকা হোৱাৰ পিচত ভাৰত চৰকাৰৰ অথবা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত আৰু কোনো পদ গ্ৰহণ কৰাৰ পাত্ৰ নহব। (৫) এই সংবিধানৰ আৰু সংসদে প্ৰণয়ন কৰা কোনো বিধিৰ উপবন্ধাৱলী সাপেক্ষে ভাৰতৰ লেখা-পৰীক্ষা আৰু লেখা বিভাগত সেৱা কৰা ব্যক্তি সকলৰ সেৱাৰ চৰ্ত্ত সমূহ আৰু নিয়ন্ত্ৰক- মহালেখা পৰীক্ষকৰ প্ৰশাসনীয় ক্ষমতা নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ সৈতে পৰামৰ্শ কৰাৰ পাচত ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰস্তুত নিয়মাৱলীৰ দ্বাৰা যথা বিহিত অনুসাৰে হব। (৬) সেই কাৰ্যালয়ত সেৱা কৰি থকা ব্যক্তি সকলৰ বা তেওঁলোকৰ সম্বন্ধত দিবলগীয়া বেতন, ভাত্তা আৰু অৱসৰ বেতনক অন্তভুক্ত কৰি নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ কাৰ্যালয়ৰ প্ৰশাসনীয় ব্যয় সমূহ ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত হব। ১৪৯। নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকে সংঘ আৰু ৰাজ্যৰ আৰু আন কোনো প্ৰাধিকাৰী বা নিকায়ৰ লেখা সম্বন্ধে সংসদৰ দ্বাৰা প্ৰস্তুত কৰা কোনো বিধিৰ দ্বাৰা বা অধীনত যেনে বিহিত কৰা হৈছে। তেনে কৰ্তব্য পালন আৰু ক্ষমতা প্ৰয়োগ কৰিব আৰু সেই উপলক্ষে এনে উপবন্ধ নকৰালৈকে সংঘৰ আৰু ৰাজ্য বোৰৰ লেখা সম্বন্ধে এনে কৰ্ত্তব্য পালন আৰু ক্ষমতা প্ৰয়োগ কৰিব যিবিলাকনেকি এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্ব্বে যথাক্ৰমে ভাৰত ভমিনিয়ন আৰু প্ৰদেশ বিলাকৰ লেখা সম্পৰ্কে ভাৰতৰ মহালেখা-পৰীক্ষকৰ ওপৰত প্ৰদত্ত কৰা হৈছিল বা তেওঁৰ দ্বাৰা প্ৰযোজ্য আছিল। নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰকৰ্ত্তব্য আৰু ক্ষমতা সমূহ। সংঘআৰু ৰাজ্যবোবব। লেখাবপত্ৰ। [ ১৫০। সংঘ আৰু ৰাজ্যসমূহৰ লেখা সমূহ এনে প্ৰপত্ৰত ৰখা হব যি প্ৰপত্ৰ ভাৰতৰ নিয়ন্ত্ৰক -মহালেখা পৰীক্ষকৰ পৰামৰ্শ মতে] ৰাষ্ট্ৰপতিয়ে বিহিত কৰে। } ১৫১।(১)"সংঘৰ লেখা সম্পৰ্কে'ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক প্ৰতিবেদন ৰাষ্ট্ৰপতিৰ। ওচৰত দাখিল কৰা হব আৰু তেখেতে সংসদৰ উভয় সদনৰ আগত সেই বিলাক উপস্থাপিত কৰোৱাব। লেখা-পৰীক্ষা প্ৰতিবেদন। (২) কোনো বাজ্যৰ লেখা সম্পৰ্কে ভাৰতৰ নিয়ন্ত্ৰক - মহালেখা পৰীক্ষক প্ৰতিবেদন ৰাজ্যৰ ৰাজ্যপালৰ প* * *] ওচৰত দাখিল কৰা হব, আৰু তেখেতে সেই ৰাজ্যৰ বিধান মন্ডলৰ আগত সেই বিলাক উপস্থাপিত কৰোৱাব। . ১৭সংবিধান (দ্বচাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ২৭ ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (১- ৪-৭৭ তাংৰ পৰা )। ২। সংবিধান (চতু:চত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ২২ ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (২০-৬-৭৯, তাংৰ পৰা)। • :৩।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসুচীৰ দ্বাৰা “অথবা ৰাজপ্ৰমুখ” কথাখিনি লোপ কৰা হৈছে।