পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান পঞ্চম ভাগ —সংঘ — অনুচ্ছেদ ৭২-৭৪ (গ) যিবোৰ ক্ষেত্ৰত দণ্ডাদেশ মৃত্যু দণ্ড হয়, সেই সকলোবোৰ ক্ষেত্ৰত। (২) অণ্ড (১)ৰ উপখণ্ড (ক)ৰ কোনো কথাই সেনা ন্যায়ালয়ৰ দ্বাৰা বিহিত দণ্ডাদেশৰ নিলম্বন, হ্ৰাসকৰণ বা লঘুকৰণৰ নিমিত্তে সংঘৰ সশস্ত্ৰ বাহিনীৰ কোনো পদাধিকাৰীৰ ওপৰত বিধিৰ দ্বাৰা অৰ্পিত ক্ষমতাত প্ৰভাৱ পেলাব নোৱাৰিব। (৩) খণ্ড (১)ৰ উপধও (গ)ৰ কোনো কথাই ততসময়, বলবৎ থকা কোনো বিধিৰ অধীনত কোনো ৰাজ্যৰ ৰাজ্যপালৰ মূ* * *] দ্বাৰা প্ৰয়োগ কৰিব লগীয়া মৃত্যু দণ্ডাদেশৰ নিলম্বন, হ্ৰাসকৰণ বা লঘুকৰণ ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিব। ৭৩ (১) এই সংবিধানৰ উপবৃন্ধবলীৰ অধীনে সংঘৰ কাৰ্যপালিকা ক্ষমতা, – সংৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃতি। (ক) যিবিলাক বিষয়ৰ সম্বন্ধত সংসদৰ বিধি প্ৰস্তুত কৰিবৰ ক্ষমতা আছে, সেই বিষয় বিলাক পৰ্যন্ত; আৰু (খ) কোনো সন্ধি বা কৰাৰৰ বলত যিবিলাক অধিকাৰ, প্ৰাধিকাৰ আৰ ক্ষেত্ৰাধিকাৰ ভাৰত চৰকাৰৰ দ্বাৰা প্ৰযোজ্য হয়, তেনেবিলাক অধিকাৰ, প্ৰাধিকাৰ আৰ ক্ষেত্ৰাধিকাৰ পৰ্য্যন্ত, বিস্তাৰিত হব? পবস্তু, এই সংবিধানত কিম্বা সংসদে কৰা কোনো বিধিত স্পষ্টকৈ উপবন্ধিত হোৱাৰ বাহিৰে আন একো প্ৰকাৰে উপখণ্ড (কত উল্লিখিত কাৰ্য্যপালিকা ক্ষমতা * * *] কোনো বাজাত সেই ৰাজ্যৰ বিধান মণ্ডলৰো যিবোৰ বিষয়ৰ সম্বন্ধত বিধি প্ৰস্তুত কৰিবৰ ক্ষমতা আছে, সেই বিষয় বিলাকত বিস্তাৰিত নহব। (২ সংসদৰ দ্বাৰা অন্য প্ৰকাৰে উপবন্ধিত নোহোৱা পৰ্যন্ত এই অনুচ্ছেদত যিকোনো কথা থকা সত্ত্বেও ৰাজ্যই আৰু ৰাজ্যৰ কোনো পদাধিকাৰী বা প্ৰাধিকাৰীয়ে যিবিলাক বিষয়ৰ সম্বন্ধত সংসদৰ সেই ৰাজ্যৰ নিমিত্তে বিধি প্ৰস্তুত কৰাৰ ক্ষমতা থাকে তেনে বিষয়ৰ সম্বন্ধত, সেই ৰাজ্যই বা তাৰ পদাধিকাৰী বা প্ৰাধিকাৰীয়ে এই সংবিধান প্ৰাৰম্ভণিৰ অব্যবহিত পূলে প্ৰয়োগ কৰিব পৰা তেনে কাৰ্যপালিকা ক্ষমতা বা কৃত্য অবিচ্ছিন্ন ভাবে প্ৰয়োগ কৰিয়েই থাকিব পাৰিব। মন্ত্ৰীপৰিষদ ৭৪ (১) ৰাষ্ট্ৰপতিক তেওঁৰ কৃত্য সম্পাদনত সহায়তা কৰিবলৈ আৰু মন্ত্ৰণা দিবলৈ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীক মুখ্য কৰি এক মন্ত্ৰী-পৰিষদ থাকিব আৰু ৰাষ্ট্ৰপতিয়ে তেওঁৰ কৃত্যসমূহ পালন সহায়তা কৰোতে তেনে মন্ত্ৰণা অনুসাৰে কাৰ্য্য কৰিব? কৰিবলৈ আৰু মন্ত্ৰণা দিবলৈ [ পৰস্তু, ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী-পৰিষদক তেনে মন্ত্ৰণা সাধাৰণ ভাবে বা, অন্যথা পুনঃ. মন্ত্ৰীপৰিষদ। বিবেচনা কৰিবলৈ দিব পাৰে, আৰ এনে পুনৰ্বিবেচনাৰ পিচত দিয়া মন্ত্ৰণা অনুসাৰে ৰাষ্ট্ৰপতিয়ে কাৰ্য্য কৰিব। (২) মন্ত্ৰীসকলে ৰাষ্ট্ৰপতিক কিবা মন্ত্ৰণা দিলেনে নাই দিয়া আৰু যদি দিলে তেন্তে কি মন্ত্ৰণা দিলে, সেই প্ৰশ্নব কোনো ন্যায়ালয়তে তদন্ত কৰিব নোৱাৰিব। ১' * বা ৰাজপ্ৰমুখ” শব্দ দুটা সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা লোেপ কৰা হৈছে।

২ প্ৰথম অনুসূচীৰ (ক) কিম্বা (খ) ভাগত নিৰ্দিষ্ট শব্দসমূহ সংবিধান (সপ্তম সংশোধন)

অধিনিয়ম, ১৯৫৬ঘ ২৯ বাবা আৰু অনুসূচীৰ দ্বাৰা লোপ কৰা হৈছে। ও সংবিধান (দ্বচাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ১৩ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (৩১-৭৭ তাৰ পৰী)। ৪া সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ১১ৰ দ্বাৰা অন্তঃস্থাপিত (২০- ৬৭১ ভাKপৰা)।