পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী জিলা পৰিষদে, এই অনুসূচীৰ দফা ৫ৰ উপদফা (১)ৰ উপবন্ধ সমূহ প্ৰযোজ্য হোৱা বাদ আৰু মোকদ্দমা সমূহৰ বাহিৰে, তেনে ক্ষেত্ৰত অন্তৰ্গত কেৱল অনুসূচিত জনজাতি পক্ষভুক্ত হোৱা আন আন বাদ আৰু মোকদ্দমা সমূহৰ ৰাজ্যখনৰ আন যিকোনো ন্যায়ালয়ৰ পৰা বহিৰ্ভূক্ত কৰি বিচাৰৰ কাৰণে গাওঁ পবিষদ বন্যায়লয় সমূহ গঠন কৰিব পাৰে, আৰু তেনে গাওঁ পৰিষদৰ সভ্য হ'বৰ বাবে অথবা তেনে ন্যায়ালয়ৰ গীঠালীন অধিকাৰী হ'বৰ বাবে উপযুক্ত ব্যক্তিক নিযুক্ত কৰিব পাৰে, আৰু এই অনুসূচীৰ দফা ৩ৰ অধীনত প্ৰণীত বিধিব প্ৰশাসনৰ বাবে যথা আৱশ্যক পদাধিকাৰী সকলকো নিযুক্ত কৰিব পাৰে। (২) এই সংবিধানত যিকোনো কথা থকা সত্বেও কোনো স্বায়ত্ত শাসিত অঞ্চলৰ বাবে থকা আঞ্চলিক পৰিষদে বা সেই মৰ্মে অঞ্চলিক পৰিষদে গঠন কৰা কোনো ন্যায়ালয়ে অথবা, কোনো স্বায়ত্তশাসিত জিলাৰ ভিতৰত থকা কোনো ক্ষেত্ৰৰ সন্ধত যদি কোনো আঞ্চলিক পৰিষদ নাথাকে তেনেহ'লে তেনে জিলাৰ বাবে থকা জিলা পৰিষদে বা সেই মৰ্মে জিলা পৰিষদে গঠন কৰা কোনো ন্যায়ালয়ে, এই অনুসূচীব দফা ৫ৰ উপদফা (১) উপবন্ধ সমূহ প্ৰযোজ্য হোৱা বাদ আৰু মোকদ্দমা সমূহৰ বাহিৰে, এই দফাৰ উপদফা (১) ৰ অধীনত এনে অঞ্চলত বা যথাস্থিতি ক্ষেত্ৰত গঠিত গাঁও পৰিষদ বা ন্যায়ালয়ৰ দ্বাৰা বিচাৰ্য আন সকলে বাদ মোকদ্দমাৰ সন্ধত আপীল ন্যায়ালয়ৰ ক্ষমতা প্ৰয়োগ কৰিব, আৰু উচ্চ ন্যায়ালয়ৰ আৰু উচ্চতম ন্যায়ালয়ৰ বাহিৰে আন কোনো ন্যায়ালয়ৰ এনে মোকদ্দমাৰ ওপৰত ক্ষেত্ৰাধিকাৰ নাথাকিব। (৩) এই দফাৰ উপদফা (২) ৰ উপবন্ধ সমূহ প্ৰযোজ্য হোৱা বাদ আৰু মোকদ্দমা সমূহৰ ওপৰত ১ উচ্চ ন্যায়ালয়ৰ এনে ক্ষেত্ৰাধিকাৰ থাকিব আৰু উচ্চ ন্যায়ালয়ে এনে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰিব যিবিলাকনেকি ৰাজ্যপালে সময়ে সময়ে আদেশৰ দ্বাৰা বিনিৰ্দিষ্ট কৰি দিয়ে। (৪) আঞ্চলিক পৰিষদে বা যথাস্থিতি, জিলা পৰিষদে, ৰাজ্যপালৰ পুৰ্বানুমোদনক্ৰমে নিম্নলিখিত বিষয় সমূহ নিয়ন্ত্ৰিত কৰি নিয়মাৱলী প্ৰণয়ন কৰিব পাৰে, যেনে--- (ক) গাওঁ পৰিষদ আৰু ন্যায়ালয় সমূহৰ গঠন আৰু এই দফাৰ অধীনত সেই বিলাকে প্ৰয়োগ কৰিবলগীয়া ক্ষমতা সমূহ; (খ) এই দফাৰ উপদফা (১) ৰ অধীনত বাদ আৰু মোকদ্দমা সমূহৰ বিচাৰত গাওঁ পৰিষদ বা ন্যায়ালয় সমূহে অনুসৰণ কৰিবলগীয়া প্ৰক্ৰিয়া; (গ) এই দফাৰ উপদফা (২) ৰ অধীনত হোৱা আপীল আৰু অন্যান্য কাৰ্য্যবাহী সমূহৰ ক্ষেত্ৰত আঞ্চলিক বা জিলা পৰিষদৰ দ্বাৰা অথবা এনে পৰিষদৰ দ্বাৰা গঠিত কোনো ন্যায়ালয়ৰ দ্বাৰা অনুসৰণীয় প্ৰক্ৰিয়া; (ঘ) এনে পৰিষদ আৰু ন্যায়ালয় সমূহৰ বিনিশ্চয় আৰু আদেশ সমূহ কাৰ্য্যকৰী কৰণ; (ঙ) এই দফাৰ উপদফা (১) আৰু (২) ৰ উপবন্ধ সমূহ কাৰ্যকৰী কৰিবৰ অৰ্থে আন সকলো আনুষঙ্গিক বিষয়। [ (৫)” [ সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ লগত পৰামৰ্শ কৰাৰ পিচত ৰাষ্ট্ৰপতিয়ে অধিসূচনাৰ দ্বাৰা এই মৰ্মে যি তাৰিখ নিয়ত কৰে সেই তাৰিখৰ পৰা সেই অধিসূচনাত যথা বিনিৰ্দিষ্ট তেনে স্বায়ত্ত শাসিত জিলা বা অঞ্চলৰ সম্পৰ্কত এই দফাটো এনে ভাবে ক্ৰিয়াশীল হব যেন—- ১। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১) ৰ ধাৰা৭১ (ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা ২১-১-১৯৭২ৰ পৰা) অসমৰ শব্দটো লোপ কৰা হৈছে। ২! অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচী ৰ দ্বাৰা (২-৪-৭০ ৰ পৰা) অন্তঃস্থাপিত। ৩। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১) ৰ ধাৰা৭১ (ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-৭২ ৰ পৰা ) কিছুমান শব্দৰ বাবে প্ৰতিষ্ঠাপিত।