পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৮৩ প্ৰথম অনুসূচী নাম। ৰাজ্যক্ষেত্ৰ সমূহ $ আৰু উত্তৰ প্ৰদেশ (সীমা পৰিবৰ্তন) অধিনিয়ম, ১৯৭৯ ৰ ধাবা ৪(খ) খণ্ডত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰসমূহ, কিন্তু বিহাৰ আৰু উত্তৰ প্ৰদেশ (সীমা পৰিবৰ্তন) অধিনিয়ম, ১৯৬৮ ৰ ধাৰা ৩ৰ উপধাৰা (১) ৰ খণ্ড (ক) ত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰসমূহ আৰু হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ (সীমা পৰিৱৰ্তন) অধিনিয়ম, ১৯৭৯ৰ ধাৰা ৪ৰ উপধাৰা (১) ৰ খণ্ড (ক) ত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰসমূহ ইয়াৰ বহিৰ্ভূত হব।] [১৪]] পশ্চিম বংগ এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্বে পশ্চিম বংগ প্ৰদেশত সমাবিষ্ট অথবা সেই প্ৰদেশৰ ভাগ বুলি প্ৰশাসিত হোৱা ৰাজ্যক্ষেত্ৰ সমূহ আৰু চৰ নগৰ (বিলয়ন) অধিনিয়ম, ১৯৫৪ ৰ ২ ধাৰাব (গ) খণ্ডত যথা পৰিভাষিত চন্দৰ নগৰ ৰাজ্যক্ষেত্ৰ আৰু লগতে বিহাৰ আৰু পশ্চিম বংগ (ৰাজ্যক্ষেত্ৰৰ হস্তান্তৰণ) অধিনিয়ম, ১৯৫৬ ৰ ৩ ধাৰাৰ (১) উপধাৰাত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ।

  • [১৫] জম্মু আৰু কাশ্মীৰ এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্ব্বে ভাৰতীয় ৰাজ্য জম্মু

আৰু কাশ্মীৰত সমাবিষ্ট ৰাজ্যক্ষেত্ৰ। ২[১৬] নগালেণ্ড নগালেণ্ড ৰাজ্য অধিনিয়ম, ১৯৬২ ৰ ৩ ধাৰাৰ (১) উপধাৰাত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ।] [১৭। হাৰিয়ানা ‘পিঞ্জাব পুনৰ্গঠন অধিনিয়ম, ১৯৬৬ ৰ ধাৰাতৰ উপধাৰা (১)ত বিনিৰ্দিষ্ট ৰাজ্য ক্ষেত্ৰসমূহ আৰু হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ (সীমা পৰিবৰ্ত্তন) অধিনিয়ম, ১৯৭৯ ৰ ধাৰা ৪ৰ (১) উপধাৰাত (ক) খণ্ডত বিনিৰ্দিষ্ট ৰাজ্য ক্ষেত্ৰসমূহ, কিন্তু সেই অধিনিয়মৰ ধাৰা ৪ ৰ উপধাৰা (১) ৰ খণ্ড (খ) ত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰসমূহ ইয়াৰ বহিৰ্ভূত হব।] [১৮। হিমাচল প্ৰদেশ এই সংবিধানৰ আৰম্ভণিৰ ঠিক পূৰ্ব্বে হিমাচল প্ৰদেশ আৰু বিলাসপুৰ নামেৰেমুখ্য আয়ুক্তৰ প্ৰদেশৰূপে প্ৰশাসিত হোৱা ৰাজ্যক্ষেত্ৰসমূহ আৰু পঞ্জাৱ পুৰ্নগঠন অধিনিয়ম, ১৯৬৬ ৰ ধাৰা ৫ ৰ উপধাৰা (১) ত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ।] [১৯। মণিপুৰ এই সংবিধানৰ আৰম্ভণিৰ ঠিক পূৰ্ব্বে মণিপুৰ নামেৰে মুখ্য আয়ুক্তৰ প্ৰদেশৰূপে প্ৰশাসিত হোৱা ৰাজ্যক্ষেত্ৰ। ২০। ত্ৰিপুৰা এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্বে ত্ৰিপুৰা নামেৰে মুখ্য আয়ুক্তৰ প্ৰদেশৰূপে প্ৰশাসিত হোৱা ৰাজ্যক্ষেত্ৰ। ২১। মেঘালয় উত্তৰ-পূব তাঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ৫ ত বিনিৰ্দিষ্ট ৰাজ্যক্ষেত্ৰ সমূহ।] ১। বোম্বে পুনৰ্গঠন অধিনিয়ম, ১৯৬০ (১৯৬০ৰ ১১) ৰ ৪ ধাৰাৰ দ্বাৰা ৮ৰ পৰা ১৪লৈ এই প্ৰবিষ্টি সমূহ ৯ৰ পৰা১৫ লৈ বুলি পুনঃ অংকিত কৰা হৈছে (১-৫-৬০ তাংৰ পৰা)। ২। নগালেণ্ড ৰাজ্য. অধিনিয়ম, ১৯৬২ (১৯৬২ৰ ২৭)ৰ ৪ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত (১-১২-৬৩তাংৰ পৰা)। ৩। পঞ্জাব পুনৰ্গঠন অধিনিয়ম,১৯৬৬ (১৯৬৬ ৰ ৩১) ৰ৭ ধাৰাৰ দ্বাৰা অত স্থাপিত (১-১-৬৬ তাংৰ পৰা )। ৪। হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ (সীমা পৰিবৰ্ত্তন) অধিনিয়ম, ১৯৭৯ (১৯৭৯ ৰ ৩১)ৰ ধাৰা ৫ৰ দ্বাৰা (১৫-৯-১৯৮৩ ৰ পৰা) পূৰ্ববৰ্তী প্ৰবিষ্টিৰ স্থানত প্ৰতিষ্ঠাপিত। ৫। হিমাচল প্ৰদেশ ৰাজ্য অধিনিয়ম, ১৯৭০(১৯৭০চনৰ ৫৩) ৰ ৪ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত (২৫-১-৭১ তাংৰ পৰা)। ৬। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম,১৯৭১ ৰ ধাৰা ৯ (ক) ৰ দ্বাৰা অক্ত স্থাপিত (২১-১-৭২ তাংৰ পৰা)।