পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান নৱম ভাগ-পঞ্চায়ত-অনুচ্ছেদ ২৪৩-২৪৩ণ (৩) এই ভাগত — (ক) কোনো কথাই জিলা স্তৰত পঞ্চায়ত সমূহৰ সম্বন্ধত পশ্চিম বঙ্গৰ দাৰ্জিলিং জিলাৰ এনে পাৰ্বত্য ক্ষেত্ৰ সমূহত প্ৰয়োগ নহব যাৰ বাবে তৎসময় বলবৎ থকা কোনো বিধিৰ অধীনত দাৰ্জিলিং গোখা পাৰ্বত্য পৰিষদ বিদ্যমান। (খ) কোনো কথাই এই বিধিৰ অধীনত গঠিত দাৰ্জিলিং গোখা পাৰ্বত্য পৰিষদৰ কৃত্য আৰু ক্ষমতা সমূহৰ ওপৰত প্ৰভাৱ পেলোৱা বুলি অৰ্থনকৰিব। (৪) এই সংবিধানত কোনো কথা থকা সত্ত্বেও, (ক) খণ্ড (২) ৰ উপখণ্ড (ক) ত নিৰ্দিষ্ট কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, এই ভাগৰ বিস্তাৰ খণ্ড (১) ত নিৰ্দিষ্ট ক্ষেত্ৰ সমূহৰ ব্যতিৰেকে , যদি কিবা থাকে, সেই ৰাজ্যত সেই ক্ষেত্ৰত কৰিব পাৰিব যদিহে সেই বাজ্যৰ বিধান সভাই সেই মৰ্মে এক সংকল্প সেই সদনৰ মুঠ সদস্য সংখ্যাৰ সংখ্যা গৰিষ্ঠতাৰ দ্বাৰা আৰু সেই সদনত উপস্থিত থকা আৰু ভোটদান কৰা সদস্য সমূহৰ অন্যূন দুই-তৃতীয়াংশৰ সংখ্যা গৰিষ্ঠতাৰ দ্বাৰা পাৰিত কৰা হয়। (খ) সংসদে, বিধিৰ দ্বাৰা, এই ভাগৰ উপবন্ধ সমূহৰ বিস্তাৰ, খণ্ড (১) ত নিৰ্দিষ্ট, অনুসূচিত ক্ষেত্ৰ আৰু জনজাতি ক্ষেত্ৰ সমূহত, এনে ব্যতিক্ৰম আৰু ৰূপভেদ সমূহৰ সাপেক্ষে, কৰিব পাৰিব যাক এনে বিধিত বিনিৰ্দিষ্ট কৰা হয় আৰু এনে কোনো বিধি অনুচ্ছেদ ৩৬৮ ৰ প্ৰয়োজনাৰ্থে, এই। সংবিধান সংশোধন বুলি গণ্য কৰা নহব। ২৪৩ট। এই ভাগত কোনো কথা থকা সত্ত্বেও, সংবিধান (ত্ৰিসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰ প্ৰবম্ভৰ ব্যৱহিত পূৰ্বে কোনো ৰাজ্যত বলবৎ থকা পঞ্চায়ত সমূহৰ সৈতে সম্পৰ্কিত কোনো বিধিৰ কোনো উপবন্ধ যি এই ভাগৰ উপবন্ধ সমূহৰ সৈতে অসংগত হয়, যিকোনো সমুচিত বিধান মণ্ডলৰ দ্বাৰা বা আন সমুচিত প্ৰাধিকাৰীৰ দ্বাৰা ইয়াক সংশোধিত বা.নিৰসিত নকৰা পৰ্য্যন্ত বা এনে প্ৰাৰম্ভৰ পৰা এবছৰ সমাপ্ত নোহোৱা পৰ্য্যন্ত ইয়াৰ যিটোৱেই পূৰ্বে হয় বলবৎ থাকিব ঃ পৰন্তু এনে প্ৰাবম্ভৰ অব্যৱহিত পূৰ্বে বিদ্যমান সকলো পঞ্চায়ত যদিহে, সেই 'ৰাজ্যৰ বিধান সভাৰ দ্বাৰা বা বিধান পৰিষদ থকা কোনো বাজ্যৰ ক্ষেত্ৰত, সেই ৰাজ্যৰ বিধান মণ্ডলৰ প্ৰত্যেক সদনৰ দ্বাৰা পাৰিত সেই মৰ্মে কোনো সংকল্পৰ দ্বাৰা প্ৰথমতেই বিঘটন কৰি দিয়া নহয় তেতিয়া ইয়াৰ ম্যাদ সমাপ্তি পৰ্যন্ত চলি থাকিব। বিদ্যমান বিধি সমূহ আৰু পঞ্চায়ত সমূহ চলি থাকিব। নিৰ্বাচন সম্বন্ধীয় বিষয়। সমূহত ন্যায়ালয় সমূহৰ হস্তক্ষেপত। বাধা। ২৪৩ ণ। এই সংবিধানত কোনো কথা থকা সত্ত্বেও, - (ক) অনুচ্ছেদ ২৪৩টৰ অধীনত প্ৰণীত বা প্ৰণীত বুলি তাৎপৰ্য্যিত কোনো এনে বিধি বিধিমান্যতা, যি নিৰ্বাচন সমৃষ্টিৰ, পৰিসীমন বা এনে নিৰ্বাচন সমষ্টি সমূহৰ আসনৰ আবণ্টনৰ সৈতে সম্বন্ধিত হয়, কোনো ন্যায়ালয়ত প্ৰশ্নাধীন নহব; (খ) কোনো পঞ্চায়তৰ বাবে কোনো নিৰ্বাচন, কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা বা ইয়াৰ অধীনত উপবন্ধিত তেনে প্ৰাধিকাৰীক আৰু তেনে ৰীতিৰে অন্যথা নহয়, উপস্থাপন কৰা দৰ্খাস্তত ব্যতিৰেকে প্ৰশ্ন কৰা নহব।]

1