এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৯১]

কোনো বিষয়ত উন্নতি কৰিব নোৱাৰে। এইবাবে আমাৰ নিজৰ উন্নতিৰ বাবে, আৰু দেশৰ হঁকে, আমাৰ প্ৰথম আৱশ্যক হৈছে অৰ্থ। সেইদেখি আজি ময়ো মোৰ ক্ষুদ্ৰ শক্তিৰে দেশৰ ডেকা সকলক এইটো কব খুজিছোঁ যে আমাৰ সকলোৰে অভাৱ আছে সচাঁ কিন্তু প্ৰধান অভাৱ অৰ্থৰ; বিদ্যা আৰ্জন কৰা উচিত, সকলোৰে যশো হওঁক কিন্তু অৰ্থলৈ পাহৰা উচিত নহয়, অৰ্থবান হলেই দেশত সেই অৰ্থৰে বিদ্যা, যশ, গৌৰৱ আনিব পৰা যাব।

 কিন্তু এইটো ভাবিলে ভূল হব যে অৰ্থহলেই মানুহৰ সকলো হ’ল। আজি কালি “Business is Business” বুলি কৈ মানুহে অনেক সময়ত অনেকক ঠগে আৰু নিতান্ত শলাগৰ পাত্ৰৰ ওচৰতো অকৃতজ্ঞ হবলৈ লাজ নাপায়। এইদৰে মনুষ্যত্বৰ সকলো মহত্ব খৰ্ব কৰি অৰ্থ আৰ্জা পিশাচৰ কাম। অৰ্থ আৰ্জিব লাগে নিজ হাতে নিজৰ বুদ্ধিৰে, নিজৰ শক্তিৰে আৰু সজ উপায়েৰে। আনক চল কৰি ফাঁকি দি বা বিপদত পেলাই আনে আৰ্জা অৰ্থ ভোগ কৰা আৰু চোৰৰ অৰ্থ উপাৰ্জন একে কথা। মোৰ দ্বিতীয় কথা— আমাৰ দেশৰ ডেকাসকলক স্বাস্থ্যবান হবলৈ কোৱা। স্বাস্থ্যবান নহলে জীৱনৰ যি আনন্দ তাক উপভোগ কৰিব নোৱাৰে। আৰু জীৱনৰ আনন্দ নোহাৱাৰ কাৰণে আমি অকাল বৃদ্ধ হওঁ। দহ বছৰীয়া হৈ আশী বছৰীয়াৰ আচৰণ লওঁ। চাহাব লোকলৈ মন কৰক, কিমান স্ফুৰ্ত্তি তেওঁলো-