এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩]
সকলোৱে জানে। সেইদৰে “কীৰ্ত্তনত” থকা আটাইবিলাক পদ তাল আৰু চাপৰি বজাই গাবৰ কাৰণে তৈয়াৰ কৰা দেখিয়েই প্ৰধানতে ইয়াৰ নাম “কীৰ্ত্তন”। “কীৰ্ত্তন”ৰ আধ্যাবিলাক ভিন ভিন সময়ত লিখা আৰু পাছত হে একেলগ কৰা। সেইদেখি সাহিত্যৰ লেখত সকলো বিলাক সমানে উৎকৃষ্ট নহয়। কিন্তু সকলোৰে অন্তৰ্গত একেটা ভগৱদ্ভক্তি শিক্ষা।
“কেৱল কীৰ্ত্তনে সংসাৰ তৰি।
বন্ধ ছিণ্ডি হোৱে আপুনি হৰি॥
কলিত কীৰ্ত্তনে হোৱে ভকত।
আতপৰে লাভ নাহি লোকত॥ [পাষণ্ডমৰ্দন]
আৰু:—
“কীৰ্ত্তন মহিমা শুনা উৎসুকে।
বাৰয় স্কন্ধত যি কৈলা শুকে॥
সকল ধৰ্ম্মত কৰি বিশিষ্ট।
হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ॥
৪
“অনাদৰি আন ধৰ্ম সম্প্ৰতি।
দিয়ো উপদেশ হৰি ভকতি॥
* * * * *
চাৰিও বেদক ব্ৰহ্মায়ে আনি।
বিচাৰিলা তিনি বাৰ প্ৰমাণি॥
এহি মানে মাত্ৰ কৰিলা সাৰ।
এৰি কীৰ্ত্তনেসে তৰে সংসাৰ॥” [ঐ]