[৮৩]
আৰু লুপ্ত প্ৰায় অঙ্গবোৰ আধুনিক বিজ্ঞানৰ সহায় লৈ পূৰ্ণ কৰি লোৱাৰ ব্যৱস্থা কৰা আৱশ্যক। আপোনালোকৰ আয়ুৰ্ব্বেদ শাস্ত্ৰই কৈছে— “কৃৎস্নোহি লোকো বুদ্ধি মতা মাচাৰ্য্যঃ।” আচাৰ্য্যসকলে ভাল কথা সকলোৰে পৰাই স্ৰবন কৰিবলৈ উপদেশ দিছে।
যুগ আৰু সভ্যতাৰ পৰিবৰ্ত্তনৰ লগে লগে মানুহৰ শৰীৰ, স্বাস্থ্য, আহাৰ-বিহাৰ আৰু জলবায়ুৰ পৰিবৰ্ত্তন অনিবাৰ্য্য ৰকমে হৈ আছে তাৰ ফলত সংসাৰত অনেক নতুন ৰোগৰ আবিৰ্ভাব হৈছে লগে লগে তাৰ নতুন নতুন চিকিৎসাও ওলাব লাগিছে। সেইবোৰ আয়ুৰ্বেদৰ অন্তৰ্ভুক্ত কৰিলৈহে আয়ুৰ্বেদৰ মৰ্য্যদা ৰক্ষা কৰি জগতৰ লগত চলিব পাৰা যাব। মহৰ্ষি আগ্নিবেনে লিখেছে— “ইতি বাত পিও কফ ৰোগানাং অপৰিসংয্যেয়ানং আবিস্কত তমাঃ ব্যাখাতাঃ” অৰ্থাৎ সেই মই যি লিখিলোঁ এয়েই সংসাৰৰ ৰোগ আৰু চিকিৎসাৰ শেষ নহয়॥ যিমান বোৰ আবিস্কাৰ কৰিব পৰা হৈছে সেইবোৰ হে ইয়াত লিখা হৈছে। অনাবিস্কৃত আৰু নবাবিৰ্ভূত ৰোগ আৰু চিকিৎসা বৈদ্যই নিজে আবিস্কাৰ কৰি লব। চৰকেই লিখিছে “তদেব যুক্তং ভৈষজ্যং যদাৰোগ্যায় কল্পতে” অৰ্থাৎ যি ৰোগ আৰোগ্য কৰিব পাৰে সেয়েই উপযুক্ত ঔষধ। কেৱেল তাহানিখনতে আয়ুৰ্বেদ শাস্ত্ৰত থাকা ঔষধ কেইটাই একমাত্ৰ ঔষধ নহয়। গতিকে ম্যালেৰিয়াত কুইনাইন দিয়া বা প্ৰসুতিৰোগত Ergot দিয়াটো শাস্ত্ৰবিৰুদ্ধ বা দোষৰ