এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮২]

যিবিলাক অইন কতো নাই। ইয়াৰ ভিতৰত “ৰাজবল্লভ” আৰু “বৈদ্য কল্পতৰু” বিশেষ উল্লেখ যোগ্য। “ৰাজবল্লভ” “অসম আয়ুৰ্ব্বেদ মহাসভাৰ” সম্পাদক কবিৰাজ শ্ৰীযুত তাৰানাথ চক্ৰবৰ্ত্তী কাব্যবিনোদ মহাশয়ে সম্পাদন কৰি উলিয়াইছে। আশাকৰোঁ কোনো যোগ্যজনে ইখন গ্ৰন্থও প্ৰকাশ কৰিবলৈ যত্নপৰ হব। আমাৰ দেশৰ আনুবংশিক বৈদ্যসকলৰ ঘৰত এনে কিছুমান প্ৰত্যক্ষ-ফল-দশী ঔষধ আছে যে সেই বোৰকো ৰক্ষা কৰিবলৈ আমি তৎপৰ হোৱা উচিত। এইবোৰ কথালৈ লক্ষ কৰিলে আজি ভাৰতৰ অইন ঠাইতকৈ অসমত আযুৰ্ব্বেদ উন্নতৰ অৱস্থাত থাকিব লাগিছিল। কিন্তু দুখৰ বিষয়, এই বিষয়ত অসমেই ভাৰতৰ ভিতৰত সকলোতকৈ পিচ পৰা।

 বৰ্ত্তমান যুগ— বৈজ্ঞানিক যুগ। দিনে দিনে সকলো কথাৰেই পৰিবৰ্ত্তন আৰু উন্নতি হব লাগিছে। কবিৰাজ সকলেও যুগধৰ্ম মানি এই পৰিবৰ্ত্তনৰ লগত সমানে চলিবলৈ চেষ্টা কৰা উচিত। অষ্টাঙ্গ আয়ুৰ্ব্বেদৰ প্ৰায় বিলাক অঙ্গই কালৰ গতিত লুপ্ত প্ৰায়! শৰীৰ, শল্য, শালাক, প্ৰসূতি তন্ত্ৰ আদি অত্যাৱশ্যকীয় অঙ্গবোৰ ব্যাৱহাৰিক শিক্ষাৰ (Practical training) বিশেষ আৱশ্যক। এই বিষয় বিলাকৰ প্ৰত্যক্ষ জ্ঞানহীন সম্পাদক সকলৰ দোষত আয়ুৰ্ব্বেদৰ প্ৰাচীন গ্ৰন্থ চৰক, সুশ্ৰুত আদিত অনেক ভ্ৰমাত্মক আৰু প্ৰক্ষিপ্ত কথা প্ৰবেশ কৰিছে বুলি এই বিষয়ৰ বিশেষজ্ঞ মহামহোপধ্যায় শণনাথ সেনে কয়। এনে বিলাক ভ্ৰম-প্ৰমাদ