এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৭৯]

would be less work for under takers, and fewer chromic invalids in the world” অৰ্থাৎ মই চৰকৰ প্ৰত্যেক অধ্যায় পঢ়ি এই সিদ্ধান্তত উপনীত হৈছোঁ যে যদি আজি কালিৰ চিকিৎসক সকলে আধুনিক ফাৰ্মাকোপিয়া এৰি চৰকৰ মতে চিকিৎসা কৰিবলৈ আৰম্ভ কৰে, তেনেহলে জগতৰ পৰা অকাল মৃত্যু আৰু জযাপ্য ৰোগৰ সংখ্যা বহুতে কমি যাব।

 Dr. Royal নামৰ পণ্ডিত এজনে Essay on the Antiquity of Hindu Medicine নামৰ কিতাপত লিখিছে, “Sharaka and Sasrad as the Arabian called them (evidently corruptions of the names Charaka and Sushruta), were translated into Persian by Persian Scholars and the Greek by the physicins of Greece attending the covrts of Alam-hazar and Harnu Ul rasid of Baghdad, each of whom severally held an international congress of medical men in central India” আয়ুৰ্বেদে কেনেকৈ জগতত প্ৰভাব বিস্তাৰ কৰিছিল, আয়ুৰ্বেদৰ গৌৰব ৰবি কিমান ওপৰলৈ উঠিছিল, এইবোৰেই তাৰ প্ৰমাণ।

 বহুতৰ মতে বৌদ্ধ-যুগৰ পৰাই আয়ুৰ্বেদৰ অবনতি আৰম্ভ হৈছে। কিন্তু সেই সময়ৰ মহাৰাজ অশোকে নানা ঠাইত