এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আমাৰ দেশত আয়ুৰ্বেদ চৰ্চা।


 মই নিজেও এক প্ৰকাৰ চিকিৎসা ব্যৱসায়ী, যদিও শাৰীৰিক চিকিৎসা নকৰি আমি যথাসাধ্য মনৰ চিকিৎসা কৰোঁ। মনত এই বিশ্বাস জন্মা বাবেহে আজি চিকিৎসা বিষয় কবলৈ প্ৰত্যয় জন্মিছে।

 বেদ জগতৰ প্ৰাচীনতম গ্ৰন্থ আৰু আয়ুৰ্বেদ বেদৰেই অঙ্গ বিশেষ বুলি কথিত। জগতক ৰোগ, চিকিৎসা আৰু স্বাস্থ্যৰ বাণী পোন প্ৰথমে ভাৰতীয় আয়ুৰ্বেদেই শুনাইছিল বুলি কব পাৰি। আয়ুৰ্বেদ ব্ৰহ্মাৰ মুখৰ পৰা ওলাই কেনেকৈ জগতত প্ৰচাৰ হলহি পুনৰাই সেই কথা কোৱা নিষ্প্ৰয়োজন। মই নিজে আয়ুৰ্বেদৰ পণ্ডিত নহওঁ যদিও ভক্ত হওঁ। আয়ুৰ্বেদীয় চিকিৎসা পদ্ধতিৰ প্ৰতি মোৰ গভীৰ বিশ্বাস। কিন্তু দুখৰ কথা আমি অনেকেই জানিবলৈ চেষ্টা নকৰোঁ আমাৰ আয়ুৰ্বেদত কি আছে। আমেৰিকাৰ বিখ্যাত ডাক্তৰ Mr George Clarke এ কয়, “As I go over each fasciculus I arrive at one conclusion and that is this— if the physicians of the present day would drop from the pharmacopia all the modern drugs. and chemicals, and treat their patients according to the method of Charaka there