এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬২]

বৈষ্ণৱ ধৰ্মৰ লগত শিখ ধৰ্ম্মৰ মূল তথ্য বিলাকৰ মিল দেখা যাব। গুৰু নানকৰ আবিৰ্ভাৱৰ কাল ১৪৬৯ খৃঃ আৰু তিৰোভাৱৰ কাল ১৫৩৯ খৃঃ— জীৱন কাল ৭০ বছৰ। গুৰু শঙ্কৰৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ এই সময়ৰে আগ পিছা। শঙ্কৰদেৱ গুৰু নানকতকৈ কিছু ডাঙৰ; কিন্তু তেৰাৰ পৰলোক হয় প্ৰায় ৩০ বছৰ পাছত। এই সময়ত গোটাই ভাৰত তথা— পৃথিবীজুৰি— ধৰ্ম বিষয়ক সংস্কাৰৰ যি এটা ঢৌ উঠে, গুৰু নানকে পশ্চিম ভাৰতত আৰু শঙ্কৰে পূব ভাৰতত সেই ধৰ্ম ভাবৰ আলম লৈ সেই সেই ঠাইৰ জাতীয় আৰু সামাজিক জীৱনত একোটা নতুন প্ৰেৰণা দিয়ে।

 শিখ শব্দৰ মূল অৰ্থ শিষ্য। শিখ ধৰ্মৰ কেইবাটিও বিশেষত্ব আছে। তাৰ ভিতৰত এই কেইটা প্ৰধান। ১। জাতিভেদ নামানে। হিন্দু মুচলমানৰো ভেদ নাই। ২। তেওঁলোক সম্পূৰ্ণ একেশ্বৰ বাদী। সকলে ধৰ্মৰে মূলতঃ মিল গুৰুৰ এই শিক্ষা আছিল। মুছলমান সম্প্ৰদায়ৰ লোক কিছুমানক উপদেশ দিওঁতে গুৰু নানকে কৈছিল—

“প্ৰেমৰ মচজিদত বিশ্বাসৰ দলিচা পাৰি প্ৰাৰ্থনা
কৰিবা। প্ৰথমে সত্যক আশ্ৰয় কৰিবা,
দ্বিতীয়তে সদুপায়েৰে জীবিকা অৰ্জ্জন কৰিবা;
তৃতীয়তে ঈশ্বৰৰ নামত ফল দিবা; চতুৰ্থতে
সদুদ্দেশ্যত স্থিৰ থাকিবা আৰু পঞ্চমত
ঈশ্বৰৰ নাম কীৰ্ত্তন কৰিবা। তুমি যদি
মুছলমান হোৱা কলমা অনুসৰি চলিবা”।