এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শিখ ধৰ্ম আৰু গুৰু গোবিন্দ সিংহ

১। জন্ম সপ্তমী

 ইংৰাজী ১৬৬০ খৃষ্টাব্দৰ অৰ্থাৎ ২৮১ বছৰ আগেয়ে, আজিৰ তিথিত পুণ্যশ্লোক গুৰু গোবিন্দ সিংহৰ আবিৰ্ভাৱ হয়। তেতিয়া তেওঁৰ পিতৃ গুৰু তেগ বাহাদূৰ পাটনাত— প্ৰায় পলৰীয়া অৱস্থাত। পাটনা নগৰতে পুহ মাহৰ শুক্লা সপ্তমী তিথিৰ শেষ নিশাত ধনিষ্ঠা নক্ষত্ৰত গুৰুদেৱৰ জন্ম লাভ হয়। শিখসকলে এই তিথি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথিৰ নিচিনা পালন কৰে। কিয় কৰে তাক বুজিবলৈ হলে শিখ সম্প্ৰদায় সংগঠনত গুৰু গোবিন্দ সিংহৰ যি অমূল্যদান তাক বিচাৰ কৰি চাব লাগে। এই কথা পাছত বহলাই আলোচনা কৰা হব।

২। নগাৱঁৰ শিখ

 আমাৰ দেশত শিখ সম্প্ৰদায়ৰ কিছু লোক আছে। তেওঁলোক অনেকে বেলেগ বেলেগ ঠাইত থাকি পূত কৰ্ম কৰি জীৱিকা নিৰ্ব্বাহ কৰে। কিন্তু অনেকে পুৰুষানুক্ৰমে আমাৰ দেশতে বস বাস কৰি সম্পূৰ্ণৰূপ অসমীয়া জাতিৰ অঙ্গ আৰু শক্তি বৃদ্ধি কৰিছে। ১৯৪১ চনৰ চেঞ্চাচ অনুসৰি আমাৰ দেশত শিখ মানুহৰ সংখ্যা চাৰিহেজাৰ। ১৯৩১ চনৰ চেঞ্চাচ অনুসৰি নগাওঁ জিলাত ৬৩২ জন শিখৰ সংখ্যা দিয়া আছে। তাৰে ৩৩৯ জন মতা আৰু ২৯৩ জনী মাইকী। আন আন জিলাত পুৰুষৰ অনু-