এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

]৫৭]

 এই পোৰ ঘাই উদ্দেশ্য পৃথিবীৰ সাৰ বৃদ্ধি কৰা। আজিও মেজিৰ আধাপোৰ বাহঁ আনি আমি কলৰ গছত আৰু খেতিৰ পথাৰত লগাই থওঁ।

 ইফালে মাল-যুজঁ; কণী যুজোঁৱা, মহযুঁজ আদি উৎসবো এনে অনুষ্ঠানৰ লগত সকলো দেশতে আদিম সময়ৰ পৰা সংশ্লিষ্ট হৈ আহিছে।

 

(২)

 বহাগৰ বিহুও এনে উৎসৱৰ ভিতৰতে। এই বিহুত খোৱা বোৱাৰ উপৰি গৰু ধুওৱা এটা অনুষ্ঠান। এই বিহুক গৰু বিহু বোলা অন্যায় হোৱা নাই। প্ৰকৃততে এইদিনা বছেৰেকৰ ভিতৰত গৰুক বিশেষ আপডাল কৰা হয়। গৰু পূজা কৰা হয়, বুলিয়েই কব পাৰি।

 অইন এটা উৎসৱ বিহুৰ সময়তে হয়। তাৰ নাম হৈছে ভঠেলি। কামৰূপৰ সকলো ঠাইতে আৰু মঙ্গলদৈ মহকুমাত এই উৎসৱ চলি আহিছে। কামৰূপৰ উত্তৰ পাৰে ইয়াক “ভঠেলি” বোলে। দক্ষিণ পাৰে বোলে “সোৰি” আৰু মঙ্গলদৈত কয়— “দেউল”। “সৰি” আৰু “দেউল” আচলতে দৌলৎসৱ বা ফাকুৱাৰ নামান্তৰ মাত্ৰ। ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি যে বসন্ত কালৰ ফল্গুৎসৱ বহাগৰ বিহুৰ ভঠেলিৰ লগত সান মিহলি হৈছে। উপৰ অসমৰ বিহুগীত, বিহুনাচ’ আহি ফাকুৱা উৎসৱৰ, পশ্চিম ভাৰতৰ তেনে নাচ-গান আদিৰ লগত মিলে। খৃষ্টান পঞ্জিকা মতে এই সময়তে ঈষ্টাৰ পৰ্ব।