[৫৬]
প্ৰকাৰ পিঠা, সন্দেহ আদি ভাজিপুৰি খোৱা। তাৰ লগত মেজি বা পুঁজি পোৰা, ইংৰাজীত Bon fire কৰা, ইও এই উৎসৱৰ অঙ্গ। খৃষ্টান পঞ্জিকাৰ বৰ দিন বা christmas উৎসৱ প্ৰকৃততে আদি যুগৰ Harvest Home ৰ ৰূপান্তৰ মাত্ৰ। খৃষ্টান পুৰোহিতসকলে খৃষ্টৰ জন্মৰ লগত তাৰ সম্বন্ধ ঘটাই দিলে। মোৰ বোধেৰে বৰ দিনৰ সময়ত দুই চাৰি টকা খৰছ কৰি অধিক লোকেই দুই এডোখৰ কেক খাই লয়। ইও আমাৰ তিল-পিঠা, ক্ষীৰ পিঠা আদিৰ ৰূপান্তৰ।
মেজি-পোৰাও বসন্তোৎসৱৰ এটা অঙ্গ। পৌৰাণিক
ভাৰতত ফল্গুৎসৱৰ সময়তে বসন্তোৎসৱৰ পূৰ্ণ পৰিণতি হৈছিল,
এই উৎসৱ আৰম্ভ হৈছিল বাসন্তী পঞ্চমী বা শ্ৰীশ্ৰীসৰস্বতী
পূজাৰ দিনা। ফল্গুৎসৱ বা ফাকুৱা দৌল-পূৰ্ণিমাৰ ফাকুখেল
নাচ, গান, আৰু অশ্লীলতাৰ ফালে ভাজ লোৱা আমোদ
প্ৰমোদ— বসন্তোৎৱৰ এটা প্ৰধান অঙ্গ। কেবাখনো সংস্কৃত
নাটক আৰু কাৰ্য্যত এই উৎসৱৰ বৰ্ণনা আছে। ইয়াত
ৰজা ৰাণীৰ পৰা আৰম্ভ কৰি সকলো লোকে যোগ দি
আনন্দ উপভোগ কৰিছিল। দৌল পূৰ্ণিমাৰ আগদিনা
মেৰদাহ বা ভেলাঘৰ পোৰা এটা শাস্ত্ৰীয় অনুষ্ঠান। পুঁজি
পোৰা কথাটো ইয়াৰ লগত মিলে। অনেক ঠাইত পুঁজি
বা মেজি নুবুলি ভেৰাঘৰ বা ভেলাঘৰ পোৰাও বোলে।
পশ্চিম ভাৰতত ইয়াকে হোলিকা পোৰা বোলে। হোলিকা
বোলে ৰাৱণৰ ভণীয়েক আছিল।