[৫৪]
এই তিনিঋণৰ অৰ্থ হল যে ষজ্ঞৰ দ্বাৰা অৰ্থাৎ পূৰ্ব্বাপৰ
আচৰিত আচাৰ সমূহ পালনৰ দ্বাৰা দেৱ ঋণ শোধ
কৰিব লাগে। তাৰ পৰা মানুহৰ আচাৰ ব্যৱহাৰ অভ্যাস,
স্বভাৱ-চৰিত্ৰ নিৰূপিত হয়। ব্ৰহ্মচৰ্য্যৰ দ্বাৰা অৰ্থাৎ ঋষি
মুনি সকলে যি বিলাক তত্ব কথা লিপিবদ্ধ কৰি থৈ গৈছে
তাক পঢ়ি শুনি তাৰ কথা ভালদৰে জানিব লাগে।
জানিলে ঋষি-ঋণ শোধ হয়। অৰ্থাৎ পূৰ্ব্ব পুৰুষৰ লগত
আমাৰ কৃষ্টিগত সম্পৰ্ক স্থায়ী হয়। অতীত পাহৰিলে
ভবিষ্যতে নাথাকে আৰু সন্তান উৎপাদন কৰি পিতৃঋণ শোধ
কৰিব লাগে বা বংশ ৰক্ষা কৰি সমাজক স্থায়ী কৰিব লাগে।
এতেকে আৰ্য্য ধৰ্ম্ম সংৰক্ষণ অৰ্থত সমাজক সুদৃঢ় ভেটিত স্থাপন কৰি যাতে সমাজৰ প্ৰতিজন লোকেই শান্তি পায়, সুখত থাকে, অভাৱত নপৰে, আৰু যাতে সমাজত বিশৃংখলা নঘটে, বিপ্লৱ নহয়, অসুয়া দ্বেষ আদি নাথাকে— এই বিলাক উদ্দেশ্য সিদ্ধিৰ কাৰণে প্ৰাচীন ঋষি-মুনি সকলে ত্ৰিবিধ চতুৰাশ্ৰয় আৰু ত্ৰিবিধ ঋণৰ শিক্ষা আমাক দি গৈছে। দেশ কাল পত্ৰ চাই আমি আমাৰ জীৱনত আৰু আমাৰ সময়ত খটাবৰ কাৰণে চেষ্টাৱান হব লাগে।
“ওঁ সৰ্ব্বস্তৰতু দুৰ্গাণি, সৰ্ব্বোভদ্ৰাণি পশ্যতু,
সৰ্ব্বঃ সদ্বুদ্ধি মাপ্ৰোতু, সৰ্ব্বঃ সৰ্ব্বত্ৰ নন্দতু”।
“কামৰূপ-আৰ্য্য-ধৰ্ম্ম-ৰক্ষিণী সভা”ত দিয়া সভাপতি অভিভাষণ
২৫।৩।৪৩