এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৫২]

কোনো প্ৰকাৰে খাই বৈ থাকে; কোনো এটা উদ্দেশ্যলৈ কোনো কামকে কৰিব নোৱাৰে বা কৰিবৰ দিহা নাপায়। তেওঁলোকৰ পৰা সমাজত অশান্তিৰ সৃষ্টি হয়। দ্বিতীয় কথাটো এই যে কোনো মানুহ বৰ ধনী বা সম্পত্তিশালী আৰু কোনো কোনোৱে দিন-ৰাতি খাটিও পেটৰ ভাতকে মুকলি কৰিব নোৱাৰে। এই দুয়োটা সমস্যাকে আৰ্য্য ধৰ্মৰ বৰ্ণাশ্ৰম ব্যৱস্থাৰ দ্বাৰা সমাধান কৰা হৈছিল।

 কিন্তু সম্পূৰ্ণৰূপে আজি কালি বৰ্ণাশ্ৰম ধৰ্ম পুনৰ স্থাপন কৰিবলৈ গলে আমি এই কাৰ্য্যত কৃতকাৰ্য্য হব নোৱাৰিম। আজি কালিৰ সমাজৰ অৱস্থা আৰু এই পৰিবৰ্ত্তনৰ পাছত মানুহৰ ভাৱধাৰাই কি ৰূপ গ্ৰহণ কৰিব— এইবিলাক ভালদৰে ভাবিচিন্তি চাইহে আমাৰ কৰ্ত্তব্য নিৰ্ধাৰণ কৰিব লাগিব।

 আজিকালি স্থাপিত হোৱা অনুষ্ঠান বিলাকে কৰিব লগীয়া কণা অনেক আছে আৰু বহুত কাম ইতিমধ্যে আৰম্ভ কৰি দিছেও। মই ইয়াত মাত্ৰ সামান্যভাৱে কেইটিমান বিষয়হে আলোচনা কৰিব খুজিছোঁ।

 বিদ্যাৰ প্ৰতি আমাৰ দেশত বৰ আগ্ৰহ আছিল; আৰু বিদ্যাৰ পৰাই ধৰ্মাৰ্থ এই তিনি পুৰুষাৰ্থ সিদ্ধ হৈছিল।

“বিদ্যা দদাতি বিয়ং বিনয়াদ যাতি পাত্ৰতাম।
পাত্ৰতাদ্ ধনমাদপ্ৰাতি ধনাদ্‌ধৰ্মঃ ততঃ সুখম॥”

বিদ্যাই— “শ্ৰিয়ঃ প্ৰদুগ্‌ধে বিপদং ৰুণদ্ধি যশাংসি সুতে
মলিনং প্ৰমাৰ্ষ্টি।