[৪৯]
এনেকুৱা শাস্ত্ৰ বচন ভূৰি ভূৰি পোৱা যায়। ইয়াৰ পৰা প্ৰতীতি
হয় বৰ্ণ ধৰ্ম সঙ্কীৰ্ণ কৰি— “জাতি”ৰ অৰ্থত ব্যহৱাৰ হোৱা নাছিল।
কৰ্ম্ম ব্যৱসায় জীৱিকাৰ্জনৰ উপায়— এনেকুৱা অৰ্থত হে বৰ্ণ শব্দ প্ৰথম
ব্যৱহাৰ হয়। “জন্মনা জায়তে শূদ্ৰঃ সংস্কাৰাৎ দ্বিজ উচ্যতে।”
ইত্যাদি শাস্ত্ৰ বাক্যয়ো বৰ্ণ শব্দৰ অৰ্থ যে জাতি নাছিল এই
কথাকে সমৰ্থন কৰে। চাৰিবৰ্ণৰ কৰ্ত্তব্য বিলাক ভগাই
দিয়া আছে। তাক সকলোৱে জানে। ব্ৰাহ্মণৰ অধ্যয়ন,
অধ্যাপনা, দান, তপ-যজ্ঞ আদি কৰ্ত্তব্য। কিন্তু ধন ঘটা
আৰু ধন সঞ্চয় কৰা তেওঁলোকৰ ধৰ্ম্ম বিৰোধী। ক্ষত্ৰিয়ৰ
প্ৰজা পালন ধৰ্ম্ম। বৈশ্যৰ ধৰ্ম্ম ব্যৱসায় আৰু অৰ্থোপাজন।
আৰু শূদ্ৰৰ কৰ্ত্তব্য সমাজ-ৰক্ষণৰ এইবোৰ অৱশ্য কৰ্ত্তব্য
কৰ্ম্মত আন তিনি বৰ্ণক সহায় কৰা। অলপ বিবেচনা
কৰিলেই বুজা যাব যে যদিহে বৰ্ণ বা জাতি জন্মগত নহই
ব্যৱসায় আৰু গুণত হয়— গুণ কৰ্ম বিভাগশঃ— হয় তেনেহলে
কোনো সমাজেই এই চাৰিবিধ লোক নোহোৱা কৰি তিস্থি
থাকিব নোৱাৰে। আৰু সকলো সমাজ ব্যৱস্থাতে এই চাৰি শ্ৰেণীৰ
লোক থাকিবই লাগিব।
এয়ে সংক্ষেপতে বৰ্ণাশ্ৰম ধৰ্ম্ম।
এতিয়া প্ৰশ্ন হৈছে,— প্ৰথম, এই বৰ্ণাশ্ৰম ধৰ্ম্ম আচৰণৰ পৰা
প্ৰাচীন আৰ্য্য সমাজ কি ভাল হৈছিল, আৰু দ্বিতীয় যদি এই
বৰ্ণাশ্ৰম প্ৰথা ইমানেই সমাজৰ উপযোগী আছিল, তেনেহলে
আৰ্য্য-সমাজৰ বা হিন্দু-সমাজ আজি ইমান অনুন্নত হল কিয়?
ভাষণ—৪