এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪৮]

আজি কালি ব্ৰাহ্মণ-ক্ষত্ৰিয়, বৈশ্য-শূদ্ৰ এই চাৰি জাতি বুজো, আৰু এই জাতি জন্মগত অধিকাৰ বুলি ভাবো। ইয়াত মই জাতি ভেদৰ দোষ-গুণ বিচাৰ কৰিব খোজা নাই। কেৱল চাৰিবৰ্ণ শব্দ আৰ্য্য ধৰ্ম প্ৰতিষ্ঠাতাসকলে আদিতে যি অৰ্থত ব্যৱহাৰ কৰিছিল তাৰ কথাহে কব খুজিছোঁ।

“চাতুৰ্বন্যং ময়াসৃষ্টং গুণকৰ্ম বিভাগশঃ।
তথ্য কৰ্তাৰমপি মাং বিদ্ব্যকৰ্তাৰমব্যয়ম॥” ৪।১৩

তাৰ আগৰ পাছৰ শ্লোক দুটামান অলপ চাবলগীয়া।

যে যথা মাং প্ৰপদ্যন্তে তাংগুণৈব ভজাম্যহম্।
মম বৰ্ত্মানুবৰ্তন্তে মনুষ্যাং পাৰ্থ অৰ্বশঃ॥ ৪।১১
কাঙ্ক্ষন্তঃ কৰ্মণাং সিদ্ধিং যজন্ত ইহ দেবতাঃ॥
ক্ষিপ্ৰং হি মানুষে লোকে সিদ্ধিৰ্ভবতি কৰ্মৰ্জা॥ ৪।১২
ন মাং কৰ্মানি নিশান্তি নমে কৰ্মফলে স্পৃহা।
ইতি মাং যোহভিজাতি কৰ্মভিৰ্ন য বদ্ধ্যতি॥ ৪।১৪

ইয়াত ভগবানে কৈছে যে গুণ আৰু কৰ্মৰ বিভাগ অনুসৰি তেৱেই চাৰিবৰ্ণ সৃষ্টি কৰিলে। তাৰ পূৰ্ব্বে কলে যে যি যেনেকৈ মোক পাব খোজে তাক মই সেইদৰে ভজোঁ বা তাক সেইদৰেই মোৰ আৰধনা কৰিবলৈ দিওঁ। অৰ্থ এই যে এই চাৰিবৰ্ণ হ মই বিভাগ কৰি দিয়া গুণ কৰ্ম অনুসৰি কাৰ্য কৰিলেই মোক পাব পাৰে।

ন বিশেৰোহন্তি বৰ্ণামাং সৰ্বম্ ব্ৰহমমিদমজগৎ।
ব্ৰহমণা পূৰ্ব্ব সৃষ্টং হি কৰ্মভিৰ্বৰ্ণতাংগতঃ।

[মহাভাৰত শান্তিপৰ্ব্ব।