এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪০]

বিলাসৰ কাৰণে, নিজৰ ভোগৰ কাৰণে। এই লোভৰ সীমা নাই। শ-পতিয়ে হাজাৰ আকাঙ্খা কৰে। হাজাৰ-পতিয়ে লক্ষ, লক্ষ-পতিয়ে কোটি ইত্যাদি। এই আকাঙ্খাৰ আগত ভাল-বেয়া, সৎ-অসৎ, নীতি-অনীতি— একোৰে স্থান নাই। এই দুপুৰ অনলৰ নিছিনা অৰ্থ তৃষ্ণাই মানুহৰ মনৰ উচ্ছ বৃত্তি সমুহক পুৰি ছাই কৰে; এই দুৰ্ব্বাৰ আকাঙ্খাৰ হেচাৰ তলত পৰি মানুহৰ সুকুমাৰ বৃত্তি সমূহ ভাঙি চুৰমাৰ হৈ যায়। ইয়াৰ শেষ নাই। এয়ে “দানবোশ্বা বাধা” ‘ধৰ্ম্মৰ গ্লানি, অধৰ্ম্মৰ অভ্যুত্থান। এই বাধা গুচাবলৈ এই গ্লানি দূৰ কৰিবলৈ আৰু ধৰ্ম সংস্থাপনৰ অৰ্থে আমাৰ শাস্ত্ৰমতে ভগবন্তৰ যুগে যুগে অৱতাৰ হয়। আন জাতিৰ শাস্ত্ৰতো এনে এটা আশীষ বাণী দেখা যায়। তেওঁলোকেও বিশ্বাস কৰে যে জগতত চিৰকাল দুৰ্নীতি আৰু দানৱতাৰ তাণ্ডব লীলা চলি থাকিব নোৱাৰে। প্ৰচণ্ড ধুমুহাৰ পাচত আকাশ মুকলি হোৱাৰ দৰে, নানা প্ৰকাৰ অনাচাৰ অত্যাচাৰৰ ক্ৰিয়াৰ পাছত জগতত ধৰ্মৰাজ্য বিস্তাৰ হয়।

 আমাৰ শাস্ত্ৰতনো মানৱ জাতিয়ে কি প্ৰকাৰে এনে অৱস্থাৰ পৰা মুক্ত হৈ থাকিব পাৰে তাৰ অৰ্থে কি উপদেশ দিছিল। আমাৰ ধৰ্মই নো এই জটিল সমাজ শৃঙ্খল হৈ চলিবলৈ কি উপায় উলিয়াইছিল, তাৰ আলোচনা আজিৰ এই সংকট সময়ত অতি উপযোগী বুলি মই ভাবোঁ।