এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৫ ]

 সেইদৰে Lyrical কবিতাত আৰু প্ৰেমৰ বা বিৰহৰ সঙ্গীতত শঙ্কৰ দেৱৰ মধুৰতো সুমধুৰ কবি প্ৰতিভা যেন কি ৰসত উচ্ছসিত হৈ উঠে! অথচ “কীৰ্ত্তন” এইজনা কবিৰ প্ৰথম ৰচনা আৰু মাজে সময়ে কৰা ৰচনাৰ এটি সংগ্ৰহ। শঙ্কৰদেৱৰ ৰচনাৰ মানত কীৰ্ত্তনৰ সাহিত্যিক ঠাই কিছু নামত। ইয়াৰে দুটা খণ্ড-কবিতা ইয়াত তুলি দিয়াৰ লোভ সামৰিব পৰা টান হল, ধৰ্ম্মৰ ভাৱত-

“অসাৰ সংসাৰ নাই ইহাত বিশ্বাস।
জানি হৰি ভকতিক কৰিয়ো অভ্যাস॥
মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত।
অৰ্দ্ধেক নিস্ফলে যায় জানিবা নিদ্ৰাত॥
বিংশতি বৰিষ আৰ যায় ওমলন্তে।
নেয় দশ বৰি, ধনক উপাৰ্জন্তে॥
বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি।
একো কাৰ্য্য সাধিবাক নাহিকে শকতি॥
শৰীৰকো পীড়ে ব্যাধি চক্ষুৱে নাকূলে।
আশা পাশে থাকিয়া গৃহত থাকি গলে॥
হেনজানি শিশুসৱ এৰা আন কৰ্ম।
কৰিয়ো কুমাৰ কালে ভাগবত ধৰ্ম॥”

এনে হেন গম্ভীৰ ধৰ্মোপদেষ্টাৰ এটা বিৰহ সঙ্গীতলৈ অলপ কান দিব যেন। ৰাসৰ সময়ত কৃষ্ণ লুকাই আছে; গোপীসকলে বিচাৰি নাই পোৱা; বিৰহতে আকুল হৈ-