এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৩৪]

উন্মক্ত পাগল কিনো ভৈলা মহাদেৱ।
কেনমতে আঙ্ক সুৰাসুৰে কৰে সেৱ॥
উলঙ্গতে খেদন্ত কাহাৰ বউ জীউ॥
লাজ কাজ মৰ্য্যদা এৰিলা সদাশিউ।
এহি বুলি ঝুমা-ঝুমি হাসে সব সখী॥

যি হক, ঋযি পত্নী, সকলো পৃথিবীৰে তিৰুতা। তেওঁ বিলাকৰ হাঁহি দেখি আমাৰো বৰ হাঁহি উঠিব খোজে, বিশেষকৈ এই বুঢ়া যোগীটোৰ বুঢ়া বয়সৰ এনে লাঞ্ছনাত।

১৩ কীৰ্ত্তনৰ কবিতা (Lyrics of Ballads)

 এইখিনি গল সংক্ষেপতে ৰচনাৰ সৌন্দৰ্য্যৰ কথা। এই সৌন্দৰ্য্যখিনি চোৱাৰ চকু হৈছে সমালোচকৰ critics. কিন্তু সচৰাচৰ critic আৰু শৱব্যবচ্ছেদকৰ চকু একে, ভাঙি পাতি কাটি-মাৰি খণ্ড-বিখণ্ডকৈ চোৱাৰ সৌন্দৰ্য্য। Operation Room আৰু পৰীক্ষাৰ কাকতত বাদে এনে আলোচনাৰ বৰ মূল্য নাথাকে। গোট গোট হিচাবে কবিতাত চাবলৈ গলেও কিন্তু কীৰ্ত্তনখন কম সৌন্দৰ্য্যপূৰ্ণ নহয়। প্ৰহলাদ চৰিত্ৰ এখন নিজে সম্পূৰ্ণ কাব্য। সেইদৰে স্যমন্তক হৰণ এটি সুন্দৰ খণ্ড কবিতা যাক ইংৰাজীত বোলে ballad. বিপ্ৰপুত্ৰ আনয়নৰ দৰে Romantic কবিতা দুটা এটাহে সাহিত্যত পোৱা যায়। দামোদৰ বিপ্ৰোপাখ্যান এনে এটা সৰ্ব্বাঙ্গ সুন্দৰ Ballad যে কেৱল এই উপখ্যানটো ৰচনা কৰিয়েই আন এজন মানুহে “কবিযশঃ প্ৰাৰ্থী” হলে তাক “মন্দ” আখ্যান দিয়া টান হলহেতেঁন।