[৩২]
১২। শব্দৰ দ্বাৰা ছৱিৰ ভাৱ প্ৰকাশ-
শব্দ-সমাবেশৰ এই কৌশলৰ লগত কেৱল শব্দৰ দ্বাৰা কেনে সুন্দৰ সুন্দৰ একোখন ছবি অঁকা হৈছে তাকো মন নকৰি নোৱাৰি। বোধকৰোঁ এনে যিবোৰ ছবি আছে, সুনিপুণ চিত্ৰকৰে তাৰ পৰা অতি সুন্দৰ চিত্ৰ আঁকি লব পাৰে। ব্ৰহ্মাৰ পুত্ৰ চাৰি সিদ্ধৰ বৰ্ণনা অতি সংক্ষেপ অথচ পঢ়িলেই যেন সিদ্ধ সকলক আগতে দেখিলোঁহে।
“ব্ৰহ্মাৰ মানস চাৰি তনয়।
ভ্ৰমন্ত আকাশে আনন্দ ময়॥
পঞ্চ বৰষীয়া শিশু সঙ্কাশ।
নাহিকে বস্ত্ৰ সবে দিগবাস॥
শ্ৰীকৃষ্ণৰ দুটা ভঙ্গিমাৰ বৰ্ণনালৈ মন কৰক :-
‘বাম বাহুত বাম কপোল থাপিয়া।
মধুৰ বেনুক আনি অধৰে অৰ্পিয়া॥
ৰন্ধ্ৰমধ্যে কোমল আঙ্গুলীচয় চালি।
যেতিক্ষনে বংশী ডাক দেন্ত বনমালী॥”
তেতিয়া গোপীকাৰ নালাগে, সেই ভুবন মোহন ৰূপ আৰু প্ৰাণ উতলোৱা সুৰত কি জানি বৃন্দাবনখনেই শিহঁৰি উঠিছিল। যমুনাই আনন্দতে ওফন্দি পৰিছিল আৰু লীলা ৰহস্যময় ব্ৰজৰ চৰাই চিৰকিটিয়েও অৱশ হৈ আনন্দ উপভোগ কৰিছিল। আকৌ—