এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৩০]

এই “তুলিলন্ত হাসি” কথাটোৰ প্ৰয়োগৰ দ্বাৰা যেন অ ৰ্যামী হৰিয়ে “মহাদেৱৰ কি লটি ঘটি হবলৈ আছে। জানিহে ৰহস্যৰ হাঁহি মাৰিছে—এই ভাৱটো কেনে সু ৰূপে প্ৰকাশ হৈছে!

 ৰাসংক্ৰীড়াৰ সময়ত গোপীসকলে নিশা বৃন্দাবনত যমু বালিত ক্ৰীড়া কৰে, আৰু দিনত যশোদাৰ আগত কৃ গুণ বখানে। এদিন কৈছিল—

“যেখনে বংশীক চুম্বি তোলে স্বৰজাতি।
ব্ৰহ্মা ৰুদ্ৰ আদি দেৱো হোৱে মোহ আতি॥”

ইয়াত “চুম্বি” শব্দৰ দ্বাৰা গত ৰজনী কাম ক্ৰীড়াৰ চু স্মৃতি কি সুমধুৰ ভাৱে প্ৰকাশ কৰা হৈছে। গোপী যেন পূব ৰজনীৰ স্মৃতিও গা শিহঁৰাই শিহঁৰাই হে কৈছে “যেখনে বংশীক চুম্বি তোলে স্বৰজাতি।” শ্ৰীকৃ মথুৰালৈ গৈ তাত কংসক মাৰিলে আৰু ৰাজ্যৰ লে পৰি বৃন্দাবনলৈ আহিব নোৱাৰি সখি উদ্ধৱক পঠালে গো সকলক সান্তনা দিবলৈ :—

“আমাৰ পৰম তুমি ভকত।
যায়ো গোকুলক চৰি ৰথত॥
বচন সন্দেশ গোপীক কই।
প্ৰবোধ দিবা কত দিন ৰই॥”

গোপক যি বচনৰ বাৰ্তা দিবা সি যেন সন্দেশ তুল্য অথবা গোপী সকলৰ মনত সেই বাৰতা সন্দেশ তুল্য