[২৯]
এনে আত্মীয়তা বুজাৱবৰ কাৰণে এই অন্তৰঙ্গ “তোৰ” শব্দটো আৰু ব্যৱহৃত হৈছে। হৰে মোহিণীক কৈছে :—
“যেহি লাগে বোল বান্ধৈ তাক মই কৰোঁ।
মুখ চাই নমাত আতেসে বৰ হাৰোঁ॥
কতনো কৰিলোঁ তোৰ ঘোৰ অপৰাধ।
এভু হেন কৰ বান্ধৈ বচন নবাধ॥”
অথচ আন অনেক ভাৱৰ অনেক অন্তৰঙ্গ কথা আছে; আন কতো তুচ্ছাৰ্থক সম্বোধনৰ ইমান সভ্ৰম নাই। সেইদৰে আন এটা শব্দ “বিপৰীত” :—
“বিপৰীত স্ত্ৰী মায়া দেখি মাধবৰ।
শুনা কেন মতে কামাতুৰ ভৈলা হৰ!”
ইয়াত ‘বিপৰীত শব্দটোৱে যেনেকৈ প্ৰথমতে প্ৰকাশ কৰিছে “অতি অদ্ভুত, অতি আচৰিত।” সেইদৰে সঙ্কেততে যেন পুৰুষৰূপী শ্ৰীকৃষ্ণই স্ত্ৰী মায়া ধৰা ওলোটো কথাটোকে কৈ দিছে। এনে দৰৰে প্ৰয়োগ :—
“গোপিকাৰ দেখি প্ৰেম ভাৱ বিপৰীত।
ভৈলন্ত গোপাল অতি ব্যাকুলিত চিত॥”
ইয়াত “বিপৰীত’ প্ৰেম দেখি গোপাল ( মাধৱ, কৃষ্ণ বা আন নাম দিয়া নাই) হে গোপিকাৰ কাৰণে ব্যাকুল হল।
‘হৰমোহন’ত হৰ-পাৰ্ব্বতী কৃষ্ণক দেখা কবিবৰ কাৰণে বৈকুণ্ঠলৈ আহিল। কৃষ্ণই—
শঙ্কৰক দেখি পাছে তুলিলন্ত হাসি।”