এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[২৭]

 এক কাব্য আছে—যেনে নলোদয়; কিন্তু এনেবোৰ ব্যৰ স্বাভাৱিক লাৱণ্য অতি কম! কীৰ্ত্তন পঢ়ি এই ষটো, কোনেও অলপো ধৰিব নোৱাৰে। অথচ ইয়াত নে সুন্দৰ সুন্দৰ অলঙ্কাৰৰ সমাবেশ! বাহুল্যৰ ভয়ত য়াত মুঠে “অনুপ্ৰাস” আৰু “উপমা” অলঙ্কাৰৰ দুটা বা টা উদাহৰণ দিয়া হল :—

“এড়াইলন্ত” নৰসিংহে কাতি কৰি কায়
পাজৰত ফুৰে দৈত্য পতঙ্গ পৰাই।”

দাবন বৰ্ণনাত:—

“দেখিলাহা ইটো বিকসিত বৃন্দাবন।
শশাঙ্কে ধৱল নৱ পল্লৱে শোভন॥
পুষ্পিত মন্দাৰ কুণ্ড গন্ধে হুয়া ভোল।
মধুমত্ত অনেক ভ্ৰমৰে কৰে ৰোল॥” [ৰাসক্ৰীড়া,]

নবোৰ অনুপ্ৰাসৰ জক্‌মকনি এঠাইত নহয়, গোটেইখন থত। ইফালে উপমাত—কৃষ্ণৰ ৰূপ বৰ্ণাইছে

“উৰস্থলে লক্ষ্মী দিলন্ত দেখা।
কষটিত যেন সোণাৰ ৰেখা॥
পীতবস্ত্ৰে শোভে শ্যামল কায়।
তড়িত জড়িত জলদ প্ৰায়॥

ৰমোহ”ত মহাদেৱৰ অৱস্থা বৰ্ণনা, যেনে :—

“মদনৰ পীড়াক এড়ায়া মহাযোগী।
ব্যধিৰ সকাশ পাইল যেন চিৰৰোগী॥”