[২৪]
বশ্ব নিয়ান্তাৰ উদ্দেশে গীত। প্ৰহ্লাদ চৰিত্ৰৰ সেই বিখ্যাত স্তুতি:—
“ব্ৰহ্মা সিদ্ধ মুনি আদিয়ে নপাৱে
পুজিবে তোমাৰ পাৱ।
কিবা স্তুতি নতি কৰিবোহোঁ আমি
অমূঢ় ক্ৰূৰ স্বভাৱ॥
ইয়াত যেন সকলো ভক্তৰ অন্তৰৰ বাণী প্ৰকাশিত হৈ পৰিছে। এই স্তুতিবিলাকৰ আৰু এটা প্ৰধান বিষয়⸺ দাৰ্শনিক তথ্যবোৰ। এই দুৰুহ দুৰ্বোধ্য তত্ব কিমান সহজ ভাষাত কি সুন্দৰ ৰূপে প্ৰকাশ কৰিছে। তাৰ দুটা এটা চানেকি ইয়াত তুলি দিলো :—
“সমন্তে ভুতৰে যদি তুমি হৃদিগত।
তথাপি কৰ্ম্মীৰ মান নুহিকা বেকত॥
তুমি পৰমাত্মা তত্ব জানিলো সম্প্ৰতি।
সত্য-মূৰ্ত্তি ধৰি সাধা অগতিৰ গতি॥
চৰণক চিন্তে চিত্তে বিঘ্নিকো নগণি।
নাৰকী জন্মত তেৱে আমাৰ বাঞ্ছনি"॥
[প্ৰহলাদ চৰিত্ৰ]
এই ধৰণৰ আৰু এটা স্তুতি :—
“তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত ব্যতিৰেক॥
তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ।
সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ॥