এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[২৩]

 আন বিলাক সকলোকে কৰ, সকলোকে মাৰ, পিতৃ গ্ৰসেনকো একেলগে মাৰা।

 আনফালে দামোদৰ বিপ্ৰৰ :—

“আতি পতিব্ৰতা তাহান ব্ৰাহ্মণী
 দুখে দণ্ডে যুগ যায়।
কাম্পন্তে আসিয়া স্বামীক বুলিলা
 মুখৰ মাত নোলায়॥
শুনিয়োক স্বামী মন্দভাগী আমি
 সহিবো কত নিকাৰ”।

তিব্ৰতা গৃহিনীৰ এই কেইটা কথাত দাৰিদ্ৰৰ কিমান নিঠুৰ নিপীড়ন ফুটি ওলাইছে। এইদৰে আৰু কিমান যে অসংখ্য উদাহৰণ আছে, তাৰ সীমা নাই।

 কীৰ্ত্তনৰ স্তুতি:—

 আদিতে কৈ আহিছোঁ যে “কীৰ্ত্তন” প্ৰধানতঃ আৰু য়াৰ গ্ৰন্থকৰ্তাৰ উদ্দেশ্য আছিল মুখ্যতঃ লোকশিক্ষা-ধৰ্ম্ম বিষয়ত। সেই কাৰণে গোটাই কাব্যখনতে চাৰিওফালে নানাবিধ নানা প্ৰকাৰ স্তুতিৰে ভৰা। “নামাপৰাধ,” ‘পাষণ্ড ৰ্দ্দন’ আৰু “বেদস্তুতি”ৰ তিনটা অধ্যায় স্তুতি স্বৰূপেই লিখা; কিন্তু উপাখ্যান ভাগতো ইয়াৰ বাহুল্য কম নহয়। বৰঞ্চ উপাখ্যান ভাগৰ স্তুতিবিলাক যেন বেছ সজীৱ, আৰ্ত্ত মানুহহে কৰিছে। এই আটাইবিলাক স্তুতি এটা বিশেষত্ব এইবিলাক সকলো কেইটা অত্যন্ত উদাৰ আৰু সাৰ্ব্বজনীন