এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২২]
আকৌ মহাদেৱে নিজক কিমান তাচ্ছিল্য কৰিছে:—
“কটাক্ষে সৃজন্ত ব্ৰহ্মাণ্ডকো কোটি কোটি।
এগোটা ডিমাৰ মই ৰুদ্ৰ এক গুটি”।
আকৌ ৰাসক্ৰীড়াৰ সময়ত গোপীসকলক এৰি কৃষ্ণ লুকাল। গোপীসকলৰ কাৰুণ্য শুনিব :-
“ব্ৰজ হন্তে ধেনু চাৰিবাক যাহা
আমাৰ মন অসুখ।
জানো পাদ পদ্মে তৃণ শিলা লাগি
প্ৰাণনাথে পান্ত দুখ॥
তোমাৰ চিন্তায়ে দিন বহি যায়
গধূলি গোপাল আসি।
অলকা আবৃত গোৰজে ৰঞ্জিত
দেখোৱা মুখ প্ৰকাশি”॥
ষ্ণ-বলৰামৰ বিক্ৰম দেখি হিতাহিত–জ্ঞান–শূন্য কংসৰ থা চাব:—
“কিনো অসজ্জন বসুদেৱ সুত দুই”
নগৰৰ বাজ কৰি খেদোৱা আমাৰ।
দুষ্ট বসুদেৱক সত্বৰ কৰিয়া মাৰ॥
গোৱালৰ ধনক আগ্ৰহি সৱে লবা।
দুৰ্ম্মতি নন্দক লোহা লগাই বান্ধি থৱা॥
পিতৃ উগ্ৰসেনক সত্বৰ মাৰা নিয়া।
নাৰাখিবি যত আৰ আছে লগৰীয়া॥