এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১৬]

লীলায়ে মৃনাল ভুঞ্জে উভঞ্জি॥
পাৰে পাৰিজাত মলয়া বাৱ।
চটকে ত্যজে সুললিত ৰাৱ।
ভ্ৰমৰগণে গাৱে হৰি গীত।
বৈষ্ণবগণ শুনি আনন্দিত।”

[ধ্যাণ বৰ্ণন]

 ইফালে আকৌ নৰসিংহৰ ৰূপ বৰ্ণনা আৰু তাৰ ভাষা আৰু ছন্দ কেনে:—

“অদ্ভুত দেখিয়া দৈত্যপতি ভৈলা চুপ
নোহে সিংহ নোহে ইটো মনুষ্যৰ ৰূপ॥
তপ্ত সুবৰ্ণৰ বৰ্ণ জ্বলে চক্ষু দুই।
পৰ্বত সমান কায় আছে স্বৰ্গ ছুই॥
শৰীৰৰ লোম চন্দ্ৰ সম শুক্লবৰ্ণ।
তুলি আছে উৰ্দ্ধক স্তবধ দুই কৰ্ণ॥
বাইল মুখ যেন গিৰি গহবৰ পৰায়।
প্ৰচণ্ড বতাস যেন নিশ্বাস বজায়॥
প্ৰকাশয় কেশ শিৰে ৰবিৰ কিৰণ।
ভ্ৰুকুটি কুটিল মুখ বিকট দৰ্শন॥
লহ লহ কৰে জিহ্বা যেম কুৰ ধাৰ।
জ্বলে বহু শত তীক্ষ্ন নখ চমৎকাৰ॥
বহুল হৃদয় দীৰ্ঘ গ্ৰীবা কৃশ কটি।
জিহবা মেলি আছে দুই দশন প্ৰকটি॥”

[প্ৰহ্লাদ চৰিত্ৰ]