[১১]
ঈশ্বৰৰ মুখৰ এনেহেন বাক্য শুনি চাৰি সিদ্ধ বিস্ময়তে
অভিভূত হৈ কৈছে, কেনে খৰকৈ!
“তোমাৰ বচন স্বামী, নুবুজিলোঁ কিছু আমি॥
আপুনি ঈশ্বৰ হুয়া, বোলাহা কৰিয়ো দয়া॥
ত্ৰিজগতে কৰে সেৱ, বোলা মোৰ বিপ্ৰেদেৱ॥
যত দেৱ দ্বিজ তুমি সবাৰ দেৱতা তুমি॥
ইত্যাদি।
সেইদৰে “স্যমন্তক হৰণ”ত কৃষ্ণত আৰু জাম্বুবানৰ যুদ্ধত:—
“দুয়ো হুয়া মহা ক্ৰুদ্ধ, লগাইলেক ঘোৰ যুদ্ধ॥
দুয়ো মাতঙ্গৰ লীলা; বৰিষে পৰ্বত শীলা॥
যুজিলন্ত মাল বান্ধে, ভৰি ভৰি ভৰি ছন্দে॥
দুইৰো দুইকো নাহি তুষ্টি হানে ব্ৰজসমমুষ্টি॥
মাংসৰ কাৰণে যেন যুজন্ত দুগোটা সেন॥
‘দামোদৰ বিপ্ৰোপাখ্যান’ত পুৰণা দুজনা বন্ধুৰ আলপত:—
গুৰু পত্নীগণে আসি, আমাক বুলিলা হাসি,
খড়ি লুড়ি দিয়া শিষ্যগণ।
আমি সবো হেন শুনি কটিত বান্ধিয়া ভূণি
আনন্দে লড়িলোঁ ৰঙ্গমন॥
কেনে জুইৰ গোৰত বহি গুৰগুৰাই কৈ যোৱা কথা। হিৰণ্যকশিপুৱে খঙৰ সময়ত কেনেকৈ কৈছে, মন কৰক:—
“হিৰণ্যকশিপু শুনিয়া হেন।
ক্ৰোধত কাম্প অতি যম যেন॥