এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১০]
সম্বৰিলা সীতা দশৰথৰ বচনে।
অযোধ্যাক আসিলা সভাৰ্যে ৰঙ্গমনে॥
কৰিলাহা ৰাজ্য দশহাজাৰ বৎসৰ।
লগে স্বৰ্গে নিলা সবে অযোধ্যা নগৰ॥”
ভাষাৰ আৰু এটা মাহাত্ম্যলৈ মন কৰিলে শঙ্কৰদেৱৰ কৱিত্বত আচৰিত হব লাগে। আন কোনো মহাকবিৰ কাব্যত এই বিশেষত্বটো তিমান পৰিমাণে লক্ষ্য কৰিব নোৱাৰি। মিল্টনৰ Paradise Lost ৰ এটা মাত্ৰ ছন্দঃ। কালিদাশৰ কুমাৰ সম্ভৱ বা ৰঘুবংশতো ছন্দৰ তিমান বৈচিত্ৰ দেখা নাযায়। অথচ “কীৰ্ত্তন”লৈ মন কৰিলে দেখা যায় যে ভাৱৰ সলনিৰ লগে লগে ভাৱত খাপ খোৱাকৈ ছন্দৰো সলনি হৈছে।
প্ৰহলাদ চৰিত্ৰত চাৰি সিদ্ধক জয় বিজয়ে অপমান কৰাত বিষ্ণুৱে আহি কৈছে:—
“আমাৰ তনু যত বিপ্ৰগণ।
তাসমাৰ দ্ৰোহ চিন্তে যি জন
যমৰ দূতে কৰে তাক দণ্ডি।
গৃধ্ৰগণে খায় মাংস চিণ্ডি॥
* * *
পাৰিষদ জয় বিজয় দুই।
তোমাসাৰ শাপে অসুৰ হুই॥
দুনাই বৈকুণ্ঠক ঝান্টে আসোক।
হেন অনুগ্ৰহ কৰিয়ো মোক॥”