এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৭]

সভাসমাজৰ মানত সিমানেই কু বা অসৎ যেন নেদেখাওক। কিন্তু সাধৰণ লোকৰ এই আদৰ্শ নলই, সংস্কৃত অলঙ্কাৰ শাস্ত্ৰৰ কটকটীয়া নিয়মবোৰৰ দ্বাৰা বিচাৰি চালেও আমি দেখোঁ যে কীৰ্ত্তন স্বভাৱতে এখন মহাকাব্য।

কীৰ্ত্তনৰ পদৰ ভাষা:—

 অলঙ্কাৰ শাস্ত্ৰত তিমান স্পষ্ট কৈ উল্লেখ নাথাকিলেও ভাষাৰ প্ৰঞ্জলতা উৎকৃষ্ট কাব্যৰ এটা প্ৰধান লক্ষণ। ইংৰাজী, সংস্কৃত আৰু আন আন সকলো ভাষাৰ ডাঙৰ ডাঙৰ কাব্যবিলাকৰ ভাষাৰ গৌৰৱ এটা প্ৰধান সম্পদ। আমাৰ ঘৰৰ ওচৰৰ মাইকেলৰ “মেঘনাদ বধ কাব্যৰ” প্ৰতি মনকৰিলেই কথাটো বেচ বুজা যায়। কীৰ্ত্তনত আৰু শঙ্কৰদেৱৰ পদ মাত্ৰতে মাৰ্জিত ভাষাৰ বাধগতি যেনে সুস্পষ্ট, বোধকৰো আন অনেক কবিৰ ৰচনাত তিমানখিনি প্ৰাঞ্জলতা দুৰ্লভ। অতি নীৰস বিষয়তো এই গুণটি অতি উজ্জ্বলভাৱে দেখা যায়।

 জয়দেৱৰ দশাবতাৰ বন্দনা— “প্ৰলয় পয়োধি জলে ধৃত বানসি, বেদম্।” প্ৰভৃতি প্ৰৱন্ধত ভাৱৰ বা অৰ্থৰ গৌৰব সমূলি নাই; অথচ ভাষাৰ প্ৰাঞ্জলতাৰ কাৰণেই সংস্কৃত সাহিত্যৰ এটা অমূল্য ৰত্ন। শঙ্কৰদেৱৰ ‘চতুৰ্বিংশতি অৱতাৰ, সেই দৰে তাৰ আৰু অৰ্থৰ গুৰুত্বহীন প্ৰৱন্ধ; অথচ:—

“কুৰ্ম অৱতাৰ ভৈলা ক্ষীৰদধি তীৰে।
লক্ষ প্ৰহৰৰ পন্থ জুৰিলা শৰীৰে॥