পৃষ্ঠা:ভাষণ.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৯৪]

নাখাই ফাইল ঘাটো। কিয়? আমাৰ বুদ্ধি নোহোৱা নহয়; বুদ্ধি আছে কিন্তু খটাব নোৱাৰোঁ। খৰকৈ অথচ ধীৰেৰে একাদিক্ৰমে কাম কৰিব নাজানোঁ; কোনো কথাৰ মীমাংসা একে কথাতে কৰিব নাজানোঁ, সাধাৰণ চিঠি এখন লিখোঁতে দহবাৰ ভাবিব লগা হওঁ এইবিলাক দোষত। খেলৰ ঠাইত ক্ষিপ্ৰকাৰিতা গুণবিলাক বাঢ়ে; আৰু বহি থাকিলে অকলেই বা লগতে যিবিলাক অসৎ চিন্তা আহি মনত উদয় হয়, সেই বিলাকৰ ঠাই নোহোৱা হয়। জীৱনৰ যি আনন্দ, এই active habitৰ পৰা তাক উপভোগ কৰিব পাৰি; আৰু ইয়াৰ পৰা কামৰ ক্ষমতা, তুৰন্তে মীমাংসা (quick decision) কৰিবৰ শক্তি অনেক গুণে বেছি হয়।

 বন্ধত কি কৰি কটাওঁ? আমি নিজৰ মনতে চিন্তা কৰিলে, দেখিম হয় তাছ খেলি নহয় শুই কটাওঁ। কিন্তু মোৰ বিশ্বাস আমি তাছ খেলি বা শুই সময় নকটায় ফুট বল খেলি, ক্ৰিকেট খেলি অভাৱ হলে হাও খেলি, দৌৰি, সাতুৰি, নাও বৈ; ঘোৰাট উঠি, বাইচিকল দৌৰাই, মালযুজিহে সময় কটোৱা উচিত। সময় বুজি কেতিয়াবা তাছো খেলিম, নভেলো পঢ়িম আৰু শুমো। কিন্তু নিজৰ সময় কটাবলৈ অথচ সমাজৰো উপকাৰ হয় এনে ধৰণৰ বহুতো কাম আছে। একেৰাহে বহি ২৪ ঘণ্টা তাছ খেলা শিক্ষিত লোক কেজনমানৰ কথা মই জানোঁ আৰু ইয়াকো জানোঁ, যে দুইজন পৰম বন্ধুৱে তাছৰ খেলত বহি মাৰামাৰি কৰিছিল। এনে