পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 গাওঁবুঢ়া৷ ― মতা নহয় যদি, তিৰোতা বুলি ক৷ তেহে বহি খাবলৈ পায়৷ (মোলৈ চাই) তই তেন্তে মতা নহয়, মাইকী হে?

আজলীয়ে শুনি খল্‌খল্‌কৈ হাঁহিবলৈ ধৰিলে৷ মোৰ কিন্তু ভাল নালাগিল৷ কিবা এটাৰ আশঙ্কাৰ ভাবত মোৰ মুখ শুকাই গ’ল৷ আৰু, মুখচুপতিয়ে কিবা বিপদ ঘটোৱাৰ আশঙ্কাত “বাৰু যাব লাগে“ বুলি মই গাঁওবুঢ়াৰ মুখ মাৰি থবলৈ চালোঁ৷ কিন্তু, তেওঁ আকৌ টানমুখীয়াকৈ কলে, “যাব লাগে বুলিলে নহয়, আহিবই লাগে৷ মোৰ লগত আহ৷ চাউলৰ ভাৰ লৈ ইহ’তৰ এটাকে হলেও অজৰাই দে৷ “ পিচে বুঢ়ীয়ে কাবৌ-ভক্তি কৰি কবলৈ ধৰিলে, “ল’ৰাটিয়ে ৰাতিও একো খোৱা নাই৷ দুটামান কৰ্ক্কৰা-প’ইতা খুৱাই নামঘৰলৈ পঠিয়াম; এতিয়া এৰি যোৱা দেওহে৷" গাঁওবুঢ়া সিমানতে মান্তি হৈ মোক এৰি অইন এঘৰলৈ গ’ল৷ বুঢ়ী ভিতৰ সোমাল৷ মই পিৰালিতে বহি গুণিবলৈ ধৰিলোঁ, আজিৰ যাত্ৰা কেনেকৈ পাৰ হওঁ৷

পিচদিনা সবাহ বহিল৷ ৰভাৰ তলত মানে-মানে শাৰী পাতি মানুহ বহিছে৷ ময়ো এশাৰীত এমূৰেদি ঠাই ললোঁ৷ নাম-কীৰ্ত্তন হৈ গ’ল৷ আৰু, সিমূৰৰপৰা বিলনীয়াই মাহ-প্ৰসাদ বিলাই আনিছ৷ আহি আহি মোৰ আগত থিয় দিলেহি৷ বিলনীয়াই প্ৰসাদৰ পাত পাচীৰপৰা তোলা দেখি ময়ো যোৰহাত পাতিলোঁ৷ এনেতে, পিচৰপৰা কোনোবা এটাই মাতি উঠিল, "হেৰ, আগপাত খোৱা সেইটো কোন্‌ অ?" বিলনীয়ায়ো মোৰ মুখলৈ আচৰিত হৈ চাই কলে, “ইএ! এইটো দেখোন ভদৰী বুঢ়ীৰ ঘৰৰ চপনীয়াটো!" এই কথা শুনা মাত্ৰকে পিচৰ দুশাৰী মানুহ একেবাৰে গৰ্‌গৰাই উঠিল৷ কোনোৱে কৈছে, “গঁতিয়াই দে, “ কোনোৱে কৈছে, “চুলিত ধৰি উলিয়াই দে," কোনোৱে কয়, “অ, কটা চপনীয়াৰ ইমান সাহ, আমাৰ শাৰী পূৰাই বহেহি!" এনেবোৰ গঞ্জনাত মই কেনিও মুখ কৰিব