পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


যোৱাৰ গম পাই তেওঁ মাত লগালে, "আই"! মই উত্তৰ দিলোঁ, "দেউতা"? সুধিলে, "কি কৰিছা আই?" মোক শোকে খুন্দা মাৰি ধৰিলে, মোৰ মাত নোলাল। দেউতাই আকৌ কলে, "আই? শুই থাকাঁগৈ"। মই গেন্‌গেনীয়াকৈ উত্তৰ দিলোঁ, "ভাল।"

দেউতাক দেখুৱাই তেতিয়াই পাটীত পৰিলোঁহি। কিন্তু মোৰ অন্তৰৰ পোৰণিত তৰণি নাই। দেউতালৈ চালেও মৰোঁ, বাহিৰৰ বিপদলৈ চালেও ডবো, কি কৰিম বিবুদ্ধি। চাটিফুটি কৰিলে দেউতাৰ টোপনি অহা পলম হ'ব। সেই কাৰণে, টানিমানি নিটাল মাৰি ৰলোঁ। কিন্তু, মনে আকাশ-পাতাল জুৰি ভ্ৰমিবলৈ ধৰিলে। বলেৰে চকু মুদি ৰৈছোঁ, কিন্তু কাণ সজাগ ৰৈছে। এই ভাবে অলপ পৰ আছোঁ, এনেতে, চাকুলী বাইৰ নাক-বাজনী উঠিল। শুনি ভাল লাগিল। ভালেমান পৰ টলকা মাৰি ৰলোঁ। মাৰলঘৰত শোৱা লিগিৰাহঁতৰো টোপনিত নাক বজা শুনিলোঁ। আৰু ভাল লাগিল। কিন্তু দেউতাৰ টোপনি অহাৰ গম্‌ ধৰিব পৰা নাই। তেওঁ শুলে টোপনি যোৱাৰ গম্‌ ধৰিবলৈ টান। এখন মান তামোল খাবৰ পৰ আকৌ নিটাল মাৰি ৰলোঁ। তাৰ পাচত, এবাৰ মূৰ তুলি চাওঁ দেখোন দেউতাৰ টোপনি আহিল। মই লাহেকৈ উঠি হাতৰ সাৰে ভৰিৰ সাৰে জুহালৰ কোঠা পালোঁহি। তাৰ পৰা ধীৰে ধীৰে মোৰ বুলনি কোঠাত সোমালোঁগৈ। সোমাই চাকিটো জ্বলালোঁ। তাৰ পাচত, শুবলৈ অহাৰ আগেয়ে যতনাই থোৱা কাপোৰৰ টোপোলাটো নমাই ললো। আৰু, তাৰ পৰা উলিয়াই লৈ এখন চুৰিয়া পিন্ধি কঁকালত এখন চেলেং মেৰিয়ালো। নিচেই তলত এটা বুকুচোলা পিন্ধি তাৰ ওপৰত এটা দীঘল চোলা পিন্ধিলোঁ। গাত এখন চেলেং ছটিয়াই ললোঁ। মূৰত এটা পাগুৰি মাৰিলোঁ। আৰু, আৰ্চীখনলৈ ভালকৈ চালো,-সাইলাখ ষোলবছৰীয়া ল'ৰা এটাৰ দৰে হলোঁ।